তামুলপুৰ জিলাৰ শিক্ষক দম্পতিৰ বাসগৃহত চোৰে লুটিলে প্ৰায় ১৫ লাখ টকাৰ সোণৰ আ-অলংকাৰ আৰু নগদ ধন

তামুলপুৰ জিলাৰ সৌৰাগুৰি আৰক্ষী থানাৰ অন্তৰ্গত এজন লোকৰ বাসগৃহত আজি দিনৰভাগত চুৰি কাণ্ড সংঘটিত হয়।

শিক্ষক দম্পতি আৰু তেওঁলোকৰ কন্যা বিদ্যালয়ত থকাৰ সুযোগ লৈ চোৰে প্ৰায় ১৫ লাখ টকাৰ সোণৰ আ-অলংকাৰ আৰু নগদ ধন লৈ পলায়ন কৰে।

চুৰি কাণ্ডৰ খবৰ পোৱাৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। জিলাখনত বিগত কেইবাদিনো ধৰি চোৰে সন্ত্ৰাস চলাই অহা বুলি আমাৰ তামুলপুৰৰ সংবাদদাতাই জনাইছে।