ফ্রেন্স অপেন বেডমিণ্টনত অসমৰ অস্মিতা চলিহাৰ স্বপ্নৰ দৌৰৰ অন্ত

ফ্রেন্স অপেন বেডমিণ্টন প্রতিযোগিতাত অসমৰ অস্মিতা চলিহাৰ স্বপ্নৰ দৌৰৰ অন্ত পৰিছে।

প্রতিযোগিতাখনৰ আজি অনুষ্ঠিত মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা জাপানৰ নজমি অক’হাৰাৰ বিৰুদ্ধে পৰাস্ত হয়।

অৱশ্যে, ভাৰতৰ পি ভি সিন্ধুৱে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত আন এখন কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৱে চাইনিজ টাইপেৰ শ্বিউ পিন শ্বিয়ানক পৰাস্ত কৰে।