আজি বিশ্ব পলিঅ’ দিৱস। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- Together, We end Polio অর্থাৎ আমি একেলগে পলিঅ’ নিৰ্মূল কৰিম। উল্লেখযোগ্য যে ২০১৪ চনতেই ভাৰতক চৰকাৰীভাৱে পলিঅ’মুক্ত দেশ হিচাপে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে পলিঅ’ ভাইৰাছৰ দ্বাৰা যাতে কোনো শিশু আক্রান্ত হ’ব নোৱাৰে তাৰ বাবে শিশুসকলক সুৰক্ষা দিয়াৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰা উচিত।
তেওঁ টীকাকৰণ অভিযানৰ জৰিয়তে পাঁচ বছৰৰ তলৰ শিশুক পলিঅ’ প্ৰতিষেধকৰ ব্যৱস্থা নিশ্চিত কৰিছে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, যে পলিঅ’ ৰোগ নিৰ্মূলৰ বাবে ইয়াৰ প্ৰতিষেধক দিয়া আৰু শিশুসকলক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত।