৪ দিনীয়া ভ্ৰমণসূচীৰে ইউৰোপৰ দেশ লিক্‌টেনষ্টাইনৰ ভাৰপ্ৰাপ্ত মুৰব্বী প্রিন্স এলইছ কাইলৈ ভাৰতলৈ আহিব

ইউৰোপৰ দেশ লিক্‌টেনষ্টাইনৰ ভাৰপ্ৰাপ্ত মুৰব্বী প্রিন্স এলইছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ভাৰতলৈ আহিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ক্ৰমে পত্নী প্রিন্সেছ ছ’ফীৰ সৈতে ভাৰতলৈ অহা প্রিন্স এল’ইছ ২৮ অক্টোবৰলৈকে নতুন দিল্লীত থাকিব। তেওঁৰ সৈতে দেশখনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগতে উদ্যোগপতি-ব্যৱসায়ীৰ এটা দলো আহিছে।

এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰিন্স এলইছ বিভিন্ন বিষয়ৰ সহযোগিতাক লৈ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এই আলোচনাত ব্যৱসায়, বিনিয়োগ, বিজ্ঞান, প্রযুক্তি, উদ্ভাৱন, গণসংযোগ আদি বিভিন্ন বিষয়ে স্থান পাব। নেতা দুগৰাকীয়ে বিভিন্ন আঞ্চলিক আৰু বৈশ্বিক পৰিস্থিতি সন্দৰ্ভতো মত-বিনিময় কৰিব।

প্রিন্স এলইছে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে অতিথি ৰাষ্ট্ৰনেতাগৰাকীৰ সন্মানার্থে চৰকাৰী ভোজমেলৰ আয়োজন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰেও প্রিন্স এল’ইছক সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ভ্রমণে ভাৰত আৰু লিক্‌টেনষ্টাইনৰ মাজত বৰ্ধিত সম্পৰ্কক অধিক গতি দিয়াৰ আশা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।