October 24, 2026 3:08 PM

views 1

৪ দিনীয়া ভ্ৰমণসূচীৰে ইউৰোপৰ দেশ লিক্‌টেনষ্টাইনৰ ভাৰপ্ৰাপ্ত মুৰব্বী প্রিন্স এলইছ কাইলৈ ভাৰতলৈ আহিব

ইউৰোপৰ দেশ লিক্‌টেনষ্টাইনৰ ভাৰপ্ৰাপ্ত মুৰব্বী প্রিন্স এলইছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ভাৰতলৈ আহিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ক্ৰমে পত্নী প্রিন্সেছ ছ’ফীৰ সৈতে ভাৰতলৈ অহা প্রিন্স এল'ইছ ২৮ অক্টোবৰলৈকে নতুন দিল্লীত থাকিব। তেওঁৰ সৈতে দেশখনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগতে উদ্যোগপতি-ব্যৱসায়ীৰ এটা দলো আহিছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰিন্স এলইছ বিভিন্ন বিষয়ৰ সহযোগিতাক লৈ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই আলোচনাত ব্যৱসায়, বিনিয়োগ, বিজ্ঞান, প্রযুক্তি, উদ্ভাৱ...