নেপাল আৰু তীব্বতত হঠাতে অহা প্রলয়ংকৰী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৮২ হৈছে। নেপালৰ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি চিটৱান অঞ্চলত ৩৫৯ গৰাকী ৰাছুৱাত ১৪০ গোৰ্খাত ৭২, ধাদিঙত ৬০ আৰু তানাহুত ৩৮ গৰাকী লোকৰ মৃত্যু হৈছে।
কাঠমাণ্ডুৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দুগৰাকী লোকৰ মৃত্যু হয়। দুর্যোগ প্রশমন আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি কালি সন্ধিয়া পর্যন্ত ৫ হাজাৰ ৫৩ গৰাকী লোক নিৰুদ্দেশ হৈ থকাৰ তথ্য লাভ কৰা হৈছে। নেপাল চৰকাৰে নিহতসকলক চিনাক্ত কৰাৰ বাবে ডি এন এৰ পৰীক্ষা আৰম্ভ কৰিছে। ভোটেকোশি নদীৰ আকস্মিক বানৰ ফলত নেপালৰ ত্ৰিশূলী থ্রী এ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত আৱদ্ধ হৈ থকা দুগৰাকী লোকক ১০ দিনৰ পাছত উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে।
নেপালৰ সেনা বাহিনীৰ জনসম্পৰ্কৰক্ষী সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি সুৰংগটোৰ ভিতৰত শব্দ শুনাৰ পাছত উদ্ধাৰকাৰীসকলে অভিযান চলাই এই সফলতা লাভ কৰে। জৰুৰীকালীন দলসমূহে এতিয়ালৈকে ১২ হাজাৰৰো অধিক লোকক উদ্ধাৰ কৰিছে। বিগত মাহৰ ২৬ তাৰিখে নেপাল-তীববত সীমান্তৰ সমীপত হিমবাহ খহি পৰাৰ পাছত হোৱা আকস্মিক বানৰ ফলত নেপালৰ উত্তৰাঞ্চল আৰু মধ্য নেপালৰ ভালেমান অঞ্চল ধ্বংসস্তুপত পৰিণত হয়।