October 11, 2026 8:22 PM
4
নেপালৰ বুধি গণ্ডকী নদীত অহা আকস্মিক বানত গোর্খা জিলাৰ বহু ঘৰ, দলং আদি বিধ্বস্ত
নেপালৰ বুধি গণ্ডকী নদীত অহা আকস্মিক বানে গোর্খা জিলাৰ বহু ঘৰ তথা দলঙৰ লগতে জলবিদ্যুৎ প্রকল্প উটুৱাই নিয়াৰ পাছত প্রায় ৫০ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। আজি পুৱতি নিশা প্রায় ৪ বজাৰ আশে পাশে অহা এই বানে চুন্নুৱী অঞ্চলৰ বহু বাসগৃহ উটুৱাই নিয়ে। ১০গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে। অৱশ্যে হতাহতৰ কোনো তথ্য এতিয়াও প্ৰকাশ হোৱা নাই। উদ্ধাৰ তথা অনুসন্ধান অভিযানৰ বাবে নেপাল সেনাবাহিনীৰ বিষয়া তথা অন্যান্য নিৰাপত্তা সংস্থাসমূহক নিয়োগ কৰা হৈছে। চাৰিখন হেলিকপ্তাৰ আৰু কৰ্মবাহিনীৰ সহায়ত উদ্ধাৰ কাৰ্য অব্যাহত আছে। ইতি...