নেপালৰ বিধবংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাৰ এহেজাৰ ১০০ অতিক্ৰম কৰিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে যোৱা সপ্তাহৰ ভয়াবহ বানে উটুৱাই নিয়া ১,১১৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
দক্ষিণ চিত্ৰবন জিলাৰ পৰা সৰ্বাধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে এতিয়ালৈকে ৯৫ টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু আত্মীয়-স্বজনক গতাই দিয়া হৈছে। প্ৰায় ৪ হাজাৰ লোক এতিয়াও সন্ধানহীন হৈ আছে।