নেপালৰ গৃহ মন্ত্ৰ্যালয়ে প্রাকৃতিক দুৰ্যোগৰ ঘটনা, বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত হোৱা বুলি সদৰি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুৰ্যোগৰ ঘটনাত মধেশ ৰাজ্যত দুগৰাকী, ক’চিত ১৭ গৰাকী, বাগমাটিত ৪৫ গৰাকী আৰু কাঠমাণ্ডু উপত্যকাত ৬৮ গৰাকী লোক নিহত হৈছে। তদুপৰি ৬৪ গৰাকী লোক সন্ধানহীন হৈ থকাৰ বিপৰীতে দুর্যোগ সংক্রান্তিয় ঘটনাত ৬১ গৰাকী লোক আহত হৈছে। নিৰাপত্তা বাহিনীয়ে দেশজুৰি ৩ হাজাৰ ৬২৬ গৰাকী লোকক নিৰাপদে উদ্ধাৰ কৰা বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। নেপালী সেনাবাহিনীয়ে হেলিকপ্টাৰৰ জৰিয়তে আজি পুৱাৰ পৰা কাৱৰেপালাঞ্চকৰ বিভিন্ন অঞ্চলৰ পৰা ১৯৩ গৰাকী লোকক উদ্ধাৰ কৰিছে। উল্লেখযোগ্য নেপালৰ সেনাবাহিনীয়ে যোৱা দুদিন ধৰি উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে।
Assamese | September 29, 2024 8:02 PM | Nepal Flood
নেপালত বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত