July 31, 2026 8:43 PM | Flood | textbook

printer

অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলালৈ পঠিওৱা পাঠ্যপুথিসমূহ জিলাকেইখনৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ হাতত অৰ্পণ

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান বিধ্বস্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকললৈ অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰা পঠিওৱা পাঠ্যপুথিসমূহৰ প্ৰথমটো গোট আজি তিনিওখন জিলাৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ হাতত আনুষ্ঠানিকভাৱে চমজাই দিয়া হয়। শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা এই কাৰ্যসূচীত উপস্থিত থাকে।

যোৰহাট জিলাত আজি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই পাঠ্যপুথিৰ লগতে বিছনা চাদৰ আৰু আঁঠুৱাও বিতৰণ কৰা হয়। বৰপেটা জিলাৰ পৰা জিলা শিক্ষা বিভাগে আজি ৪১ হাজাৰ পাঠ্যপুথি বান ক্ষতিগ্ৰস্ত উজনিৰ তিনিওখন জিলালৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত জিলা শিক্ষা বিষয়া বিতুপণ হাজৰিকাই কয় যে তিনিওখন জিলাত ছাত্র-ছাত্রীসকলক প্রায় ২০ লাখ পাঠ্যপুথিৰ প্ৰয়োজন হ’ব আৰু ইয়াৰে এটা ক্ষুদ্র অংশ বৰপেটা জিলাই আগবঢ়াইছে।

বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ ৫৪০খন আৰু চৰাইদেউ জিলাৰ ১১২খন বিদ্যালয়ৰ পৰিস্কাৰকৰণ আৰু শিক্ষা অনুকূল পৰিৱেশ পুনৰ স্থাপন হোৱালৈকে শিৱসাগৰ জিলা গৰম বন্ধ ১৫ আগষ্টলৈ বৃদ্ধি কৰা হৈছে।