May 31, 2024 7:22 PM

views 63

ৰাজ্যৰ বানৰ ফলত ৰাজ্যৰ ৩৮৬ খন গাওঁৰ ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

♦ ৰাজ্যৰ ৯ খন জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাৰ লগতে কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। সাগৰীয় ঘূর্ণিবতাহ ৰিমলৰ প্ৰভাৱত হোৱা প্ৰৱল বৃষ্টিপাতৰ পাছতে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত নগাঁও, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, পশ্চিম কাৰ্বি আংলং, হোজাই, গোলাঘাট, ডিমা হাচাও আৰু কাৰ্বি আংলঙত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বানৰ ফলত ৰাজ্যৰ ৩৮৬ খন গাওঁৰ ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। Read Now :  ৰীমাল ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰীৰ...

May 30, 2024 2:38 PM

views 68

ৰাজ্যত ধাৰাষাৰ বৰষুণৰ ফলত কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত

ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘুর্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং আদি জিলাৰ বহুকেইখন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈ আছে। নগাঁও জিলাত কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্তই এটা নির্দেশনাযোগে ক...