ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘুর্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং আদি জিলাৰ বহুকেইখন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈ আছে।
নগাঁও জিলাত কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্তই এটা নির্দেশনাযোগে কামপুৰ ৰাজহ চক্ৰৰ ৩৯ খন বিদ্যালয় আজি দিনটোৰ বাবে বন্ধ ঘোষণা কৰিছে।
কৰিমগঞ্জ জিলাৰ কুছিয়াৰা, লংগাই আৰু চিমলা নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে প্ৰশাসনে সতর্কতা গ্ৰহণ কৰিছে। বৰাক নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে।
মৰিগাওঁ জিলাতো সম্ভাৱ্য বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰ আৰু বিভিন্ন বিভাগৰ প্ৰস্তুতি সন্দৰ্ভত সতর্কতা গ্রহণ কৰা হৈছে।
Assamese | May 30, 2024 2:38 PM | Assam | Flood | Heavy rain | Weather report
ৰাজ্যত ধাৰাষাৰ বৰষুণৰ ফলত কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত