July 9, 2026 2:17 PM

views 26

অহা ৩-৪ দিনত ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা ৩-৪ দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি-ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত ৬ ছেন্টিমিটাৰ পর্যন্ত গাজনি-ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বানৰ বাবে যান-বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন স্পর্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্রশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সকলো...

April 10, 2025 6:44 PM

views 72

ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহাৰ লগতে বৰষুণ হোৱাৰ জাননী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যৰ কেইবাখনো জিলা বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কোকৰাঝাৰ, নলবাৰী, কামৰূপ, গোৱালপাৰা আদি জিলাত ধুমুহাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ জাননী জাৰি কৰিছে।        পশ্চিম কাৰ্বি আংলং জিলাত আজি অহা প্রবল ধুমুহাই জিলাখনৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইয়াৰ লগতে জিলাৰ সদৰ হামৰেঙত অনুষ্ঠিত অসমী মেলা থলীও ধুমুহাই বেয়াকৈ ক্ষতিসাধন কৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনু...

January 1, 2025 4:22 PM

views 81

অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

বতৰৰ বতৰা বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশৰ হিমালয়ৰ পাদদেশৰ উচ্চ অঞ্চলসমূহত পাতলীয়া তুষাৰপাত হোৱাৰো সম্ভাৱনা আছে। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ আগলি বতৰা অনুসৰি আজি গুৱাহাটীৰ আকাশ ফৰকাল থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্...

August 31, 2024 8:14 PM

views 90

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰ্যালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যৌথভাৱে জাৰি কৰা সতর্কতামূলক জাননী উল্লেখ কৰা অনুসৰি প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত বাটপথত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ উপৰি দিছপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ কেতবোৰ এলেকা পানীৰে উপচি পৰাৰ সম্ভাৱনা আছে। ধাৰাষাৰ বৃষ্টিপাতৰ ফলত স্পৰ্শকাতৰ আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে যাতায়াত ব্যাহত হোৱ...

August 6, 2024 8:46 PM

views 68

উত্তৰ-পশ্চিম আৰু পূব ভাৰতত অহা দুই-তিনি দিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পশ্চিম আৰু পূব ভাৰতত অহা দুই-তিনি দিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগৰ মতে অসমকে ধৰি অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিমবংগ আৰু ছিকিমত অহা ১০ আগষ্টলৈকে পাতলীয়া তথা সময়ে সময়ে মুষলধাৰে বৰষুণ হ'ব বুলি সতর্কতা জাৰি কৰিছে।

June 13, 2024 7:57 PM

views 73

পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ডত গ্ৰীষ্ম প্রবাহৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বুলি সকিয়াই দিছে। বিভাগটোৱে কৈছে যে, উত্তৰ প্ৰদেশত পৰৱৰ্তী ৩-৪ দিনৰ বাবে, ঝাৰখণ্ডত তিনি দিনৰ বাবে আৰু বিহাৰত পৰৱৰ্তী দুদিন পর্যন্ত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব পাৰে।

May 30, 2024 2:38 PM

views 70

ৰাজ্যত ধাৰাষাৰ বৰষুণৰ ফলত কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত

ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘুর্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং আদি জিলাৰ বহুকেইখন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈ আছে। নগাঁও জিলাত কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্তই এটা নির্দেশনাযোগে ক...

May 28, 2024 5:23 PM

views 67

ঘূৰ্ণী বতাহ ৰেমলৰ সৈতে মোকাবিলাৰ বাবে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা

ভয়াৱহ ঘূৰ্ণী বতাহ ৰেমলৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা আগবঢ়াইছে। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপ ২২ মে'ত ঘূৰ্ণী বতাহলৈ ৰূপান্তৰিত হৈছিল আৰু তাৰ পাছতেই পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলত প্ৰৱেশ কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে উপকূলৰক্ষী বাহিনীৰ উত্তৰ-পূব সংমণ্ডলৰ মুখ্য কাৰ্যালয়ে পূৰ্বে নিৰ্ধাৰণ কৰা অনুসৰি বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাৰ সৈতে সমন্বয় নিশ্চিত কৰিছে যাতে সাগৰত কোন...

May 17, 2024 12:20 PM

views 81

অসমৰ বিভিন্ন জিলাত বিগত দুদিন ধৰি গ্ৰীষ্ম প্রবাহ অব্যাহত

অসমৰ বিভিন্ন জিলাত বিগত দুদিন ধৰি গ্ৰীষ্ম প্রবাহ অব্যাহত আছে। কালিৰ দিনটোত ৰাজ্যখনৰ তাপমাত্রা আছিল ৩৬ ডিগ্রী ছেলচিয়াছ। যদিও ঠায়ে ঠায়ে তাপমাত্র ৪২ ডিগ্রী পর্যন্ত অনুভৱ হৈছিল। আজিৰ দিনটোত ৩৫ ডিগ্রী পর্যন্ত তাপমাত্র অনুভৱ হব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে। বিভাগে অহা সোমবাৰ পৰ্যন্ত ছিকিম, অৰুণাচল প্ৰদেশ, আৰু মেঘালয়ৰ ঠাইবিশেষতো ধাৰাসাৰ বৰষুণৰ হোৱাৰো আগলিবতৰা দিছে। পশ্চিম ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীৰ কিছু অংশতো ২০ মে' পর্যন্ত গ্রীষ্মপ্ৰবাহৰ আশংকা কৰা হৈছে। বিভাগে কাইলৈৰ পৰা পূব আ...

May 6, 2024 1:32 PM

views 99

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বিভাগটোৱে অসম আৰু মেঘালয়ত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ লগতে অৰুণাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে অহা ৭ দিনলৈ পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে।