ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা ৩-৪ দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি-ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত ৬ ছেন্টিমিটাৰ পর্যন্ত গাজনি-ঢেৰেকনিৰে বৰষুণ হ’ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বানৰ বাবে যান-বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। বিভিন্ন স্পর্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্রশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যবস্থাপনা কর্তৃপক্ষই গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
Assamese | July 9, 2026 2:17 PM | Weather report
অহা ৩-৪ দিনত ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ আগজাননী