ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৰ্ভনৰ সঞ্জয় মালহোত্রাই কৈছে যে স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ লগতে ভাৰতক দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছে। তেওঁ কয়, যে চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ ত্রৈমাসিকত দেশৰ অৰ্থনীতিয়ে আশা কৰাতকৈ ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছে।
আজি ৰিজাৰ্ভ বেংকৰ মুদ্রা নীতি সমিতিৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি শ্ৰীমালহোত্রাই কয়, যে আৰ বি আইয়ে ইয়াৰ ৰেপ’ ৰেট ৫.২৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে আৰু নিৰপেক্ষ স্থিতি অক্ষুণ্ণ ৰাখিছে। গৰ্ভনগৰাকীয়ে কয়, যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রৈমাসিকত দেশৰ অৰ্থনীতিৰ ফলাফল আশা কৰাতকৈ উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকে ২০২৬-২৭ বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ পূৰ্বানুমান ৬.৭ শতাংশলৈ বৃদ্ধি কৰিবলৈ বাধ্য হৈছে।
তেওঁ কয়, যে পশ্চিম এছিয়াৰ সংঘাতপূর্ণ পৰিস্থিতিয়ে বাণিজ্যৰ মূল পথসমূহ ব্যাহত কৰাৰ ফলত বিশ্ব অর্থনৈতিক ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। ৰিজাৰ্ভ বেংকে ২০২৭ত বৰ্ষত উপভোক্তা মূল্যসূচক অনুসৰি মুদ্রাস্ফীতিৰ হাৰ ৫.১ শতাংশৰ পৰিৱৰ্তে ৫ শতাংশ হ’ব বুলি পূর্বানুমান কৰিছে।
আৰ বি আইৰ গৰ্ভনগৰাকীয়ে ২০২৬-২৭ বৰ্ষত ঘৰুৱা অৰ্থনীতিৰ বিকাশ আশাপ্ৰদ বুলি উল্লেখ কৰি ৰপ্তানী বৃদ্ধি, সুস্থিৰ বিনিয়োগ আৰু যোগানৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা দূৰ কৰাৰ ফলত বিশ্বজুৰি দেখা দিয়া অনিশ্চয়তাৰ মাজতো সামগ্রিক অর্থ ব্যৱস্থা শক্তিশালী হোৱা বুলি প্ৰকাশ কৰিছে।