August 5, 2026 7:40 PM

views 7

আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৬.৭ শতাংশ হ’ব বুলি অনুমান কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৬.৭ শতাংশ হ'ব বুলি অনুমান কৰিছে। আৰ বি আইৰ মুদ্ৰা নীতি সমিতিয়ে ৰেপ' ৰেট অর্থাৎ‍ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক দিয়া হ্রস্বকালীন ঋণৰ সুদৰ হাৰ ৫.২৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক গভৰ্ণৰ সঞ্জয় মালহোত্রাই আজি কয় যে স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ লগতে ভাৰতক দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছে। তেওঁ কয়, যে চলিত বিত্তীয় বৰ্...

August 5, 2026 5:00 PM

views 9

স্থিতিস্থাপক চাহিদাই ভাৰতক দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছেঃ আৰবিআই গৰ্ভনৰ সঞ্জয় মালহোত্রা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৰ্ভনৰ সঞ্জয় মালহোত্রাই কৈছে যে স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ লগতে ভাৰতক দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছে। তেওঁ কয়, যে চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ ত্রৈমাসিকত দেশৰ অৰ্থনীতিয়ে আশা কৰাতকৈ ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছে। আজি ৰিজাৰ্ভ বেংকৰ মুদ্রা নীতি সমিতিৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি শ্ৰীমালহোত্রাই কয়, যে আৰ বি আইয়ে ইয়াৰ ৰেপ' ৰেট ৫.২৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে আৰু নিৰপেক্ষ স্থিতি অক্ষুণ্ণ ৰাখিছ...

December 20, 2025 8:00 PM

views 49

ভাৰতীয় ৰিজার্ভ বেংকৰ ৬২০ সংখ্যক বৈঠকত বেংকসমূহৰ বাবে এটা শংকা আধাৰিত জমা বীমা পৰিকাঠামোত মঞ্জুৰি

ভাৰতীয় ৰিজার্ভ বেংকৰ সঞ্চালকসকলৰ কেন্দ্ৰীয় পৰিষদে কালি হায়দৰাবাদত অনুষ্ঠিত বেংকৰ ৬২০ সংখ্যক বৈঠকত বেংকসমূহৰ বাবে এটা শংকা আধাৰিত জমা বীমা পৰিকাঠামোত মঞ্জুৰি দিছে। যোৱা অক্টোবৰত ৰিজার্ভ বেংকে দিয়া এটা বিবৃতিত শংকা আধাৰিত প্রিমিয়াম আৰ্হিৰ প্ৰস্তাৱ দিয়া হৈছিল। পৰিষদে আন্তর্জাতিক আৰু ঘৰুৱা অর্থনৈতিক পৰিস্থিতি সন্দর্ভতো আলোচনা কৰে।

December 5, 2025 8:08 PM

views 48

ভাৰতীয় ৰিজার্ভ বেংকৰ ৰেপ’ ৰেট ৫ দশমিকৰ পৰা ২-৫ শতাংশলৈ হ্রাস

ভাৰতীয় ৰিজার্ভ বেংকে আজি ৰেপ' ৰেট হ্রাস কৰি ৫ দশমিক ২-৫ শতাংশ কৰিছে। ফলস্বৰূপে এছ ডি এফৰ হাৰ ৫ শতাংশ আনহাতে এম এছ এফৰ হাৰ ৫ দশমিক ৫ শতাংশ নির্ধাৰণ কৰিছে। আজি মুম্বাইত ৰিজার্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রাই কয় যে মুদ্রানীতি সমিতিয়ে সর্বসম্মতিক্রমে ৰেপ ৰেট হ্রাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ আৰু কয় যে আৰ বি আইয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ জি ডি পি বৃদ্ধিৰ অনুমান পূৰ্বৰ ৬ দশমিক ৮ শতাংশৰ পৰা ৭ দশমিক ৩ শতাংশলৈ বৃদ্ধি কৰিছে। আৰ বি আইয়ে চলিত বিত্তীয় বৰ্ষৰ বাবে মুদ্রাস্ফীতিৰ পূর্বানুমান ২ দশমিক ৬ শতাংশৰ পৰা ...

October 1, 2025 9:24 PM

views 76

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ ৰেট ৫.৫ শতাংশত অপৰিৱৰ্তিত ৰাখিছে বুলি গভর্নৰ সঞ্জয় মালহোত্রাৰ ঘোষণা

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ ৰেট ৫.৫ শতাংশত অপৰিৱৰ্তিত ৰাখিছে বুলি বেংকটোৰ গভর্নৰ সঞ্জয় মালহোত্রাই ঘোষণা কৰিছে। আনহাতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ মূল ঘৰুৱা উৎপাদন, জি ডি পিৰ হাৰ ৬.৮ শতাংশলৈ বৃদ্ধি পাইছে বুলি আৰ বি আইৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

August 4, 2025 12:20 PM

views 46

আজিৰে পৰা ৰেপ’ হাৰ কর্তন সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তিনিদিনীয়া বৈঠক

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্রানীতি সমিতিৰ ৰেপ' হাৰ কর্তন সন্দৰ্ভত তিনিদিনীয়া বৈঠকৰ আজি আৰম্ভ হ'ব। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত অনুষ্ঠিত সমিতিৰ বৈঠকৰ সিদ্ধান্তসমূহ বুধবাৰে ঘোষণা কৰা হ'ব। ষ্টেট বেংকৰ প্ৰতিবেদন অনুসৰি, ৰিজাৰ্ভ বেংকৰ মুদ্রানীতি সমিতিয়ে দিপাৱলীৰ পূৰ্বে ঋণ বৃদ্ধিৰ উদ্দেশ্য ২৫ বেচিছ পইণ্ট ৰেপ' হাৰ কৰ্তনৰ ঘোষণা কৰিব পাৰে।এছ বি আইৰ প্ৰতিবেদনখনত কোৱা হৈছে যে ফ্ৰণ্ট লোডেড হাৰ কৰ্তনৰ ফলত ঋণ বৃদ্ধিৰ ক্ষেত্ৰত "আগতীয়া দিপাৱলী"ৰ সুচনা কৰিব পাৰে। এই প্ৰতিবেদনৰ মতে, পূৰ্বৰ ত...

July 23, 2025 4:12 PM

views 60

২০২৫ বৰ্ষৰ বাবে দেশৰ মুদ্রাস্ফীতি ৩.৮ শতাংশ আৰু ২০২৬ বৰ্ষৰ বাবে ৪.০ শতাংশৰ ভিতৰত থকা সম্ভাৱনা

● ভাৰতীয় অৰ্থব্যৱস্থা ৬.৫ শতাংশৰ মুঠ ঘৰুৱা উৎপাদনেৰে ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থা হৈ থকাৰ সম্ভাৱনা আছে। এচিয় বিকাশ বেংকে আজি জাৰি কৰা প্ৰতিবেদন অনুসৰি শক্তিশালী ঘৰুৱা চাহিদা, স্বাভাৱিক বৰষুণ আৰু ধনৰ যোগান বৃদ্ধি তথা সুদৰ হাৰ হ্ৰাস কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবেই ভাৰত দ্রুত বিকাশশীল অৰ্থব্যৱস্থাসমূহৰ অন্যতম ৰূপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। প্রতিবেদনখনত ভাৰতীয় ৰিজাৰ্ভ বেংকে পূর্বানুমান কৰাৰ দৰে ২০২৫ বৰ্ষৰ বাবে মুদ্রাস্ফীতি...

June 6, 2025 8:21 PM

views 86

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্রিক নীতি সমিতিয়ে ৰেপ’ৰেট ৫০ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৫.৫ শতাংশ কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্রিক নীতি সমিতিয়ে আজি ৰেপ'ৰেট ৫০ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৫.৫ শতাংশ কৰে। ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংকে ফেব্ৰুৱাৰী আৰু এপ্ৰিলতো ২৫ পইণ্ট হ্ৰাস কৰিছিল। ২০২৫ বৰ্ষত এতিয়ালৈকে ৰেপ’ ৰেটৰ ক্ষেত্ৰত সৰ্বমুঠ ১ শতাংশ হ্ৰাস কৰা হৈছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোত্ৰাই প্ৰকাশ কৰা অনুসৰি, ৰেপ’ ৰেট হ্রাসে বিশ্বজনীন অনিশ্চয়তাৰ পৰিস্থিতিত দেশৰ অর্থনৈতিক বৃদ্ধিত সহায় কৰিব।

April 9, 2025 7:43 PM

views 64

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰেপ’ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস

ভাৰতীয় ৰিজাৰ্ভ বেংক RBI-এ ৰেপ' হাৰ অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে। RBI-এ বিগত ৫ বছৰত এইবেলি একেৰাহে দ্বিতীয় বাৰৰ বাবে ৰেপ' হাৰ হ্ৰাস কৰিছে। আজি মুম্বাইত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোট্টাই কয়, যে ছজনীয়া মুদ্রা নীতি কমিটীয়ে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমখন বৈঠকত সর্ব সন্মতিক্রমে ৰেপ' হাৰ কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমিটীয়ে লগতে মুদ্রা নীতি সম্পৰ্কীয় দৃষ্টিভংগী নিৰপেক্ষৰ পৰা উদাৰলৈ সলনি কৰিছে। নতুন মুদ্রা নীতি অনুযায়ী Standing...

April 9, 2025 2:59 PM

views 60

RBI ৰেপ’ হাৰ অৰ্থাৎ বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে

■ ভাৰতীয় ৰিজাৰ্ভ বেংক RBI-এ ৰেপ' হাৰ অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে। RBI-এ বিগত ৫ বছৰত এইবাৰ একেৰাহে দ্বিতীয় বাৰৰ বাবে ৰেপ' হাৰ হ্ৰাস কৰিছে। আজি মুম্বাইত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোট্টাই কয়, যে ৬ জনীয়া মুদ্রা নীতি কমিটীয়ে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমখন বৈঠকত সর্ব সন্মতিক্রমে ৰেপ' হাৰ কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমিটীয়ে লগতে মুদ্রা নীতি সম্পৰ্কীয় দৃষ্টিভংগী নিৰপেক্ষৰ পৰা উদাৰলৈ সলনি কৰিছে। নতুন মুদ্রা নীতি অনুযায়ী Standi...