বিশ্বজুৰি দেখা দিয়া অনিশ্চয়তাৰ মাজত বর্ধিত মুদ্রাস্ফীতি হ্ৰাস কৰাৰ বাবে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ’ৰেট ২৫ বেছিচ পইণ্ট বৃদ্ধিৰে ৫.৫ শতাংশ কৰিছে।
দুমহীয়া মুদ্রানীতি ঘোষণা কৰি আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রাই কয়, যে মুদ্রা নীতি সমিতিয়ে সর্বসন্মতভাৱে ৰেপ’ৰেট বৃদ্ধি সিদ্ধান্ত লৈছে।
ইয়াৰ আগেয়ে ২০২৩ চনৰ ফেব্ৰুৱাৰীত ৰেপ’ৰেট ৬.৫ শতাংশলৈ বৃদ্ধি কৰা হৈছিল বুলি গৱনৰ্গৰাকীয়ে প্ৰকাশ কৰে।