April 2, 2025 1:04 PM

views 60

দুহেজাৰ টকীয়া নোটসমূহৰ ৯৮.২-১ শতাংশ ইতিমধ্যে বেংকলৈ উভতি আহিছে বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্রকাশ

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্রকাশ কৰিছে যে দুহেজাৰ টকীয়া নোটসমূহৰ ৯৮.২-১ শতাংশ ইতিমধ্যে বেংকলৈ উভতি আহিছে আৰু মাত্ৰ ছহেজাৰ ৩৬৪ কোটি টকাৰ নোট জনতাৰ হাতত মজুত আছে। ২০২৩ চনৰ ১৯ মে'ত ৰিজাৰ্ভ বেংকে দুহেজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ ঘোষণা কৰিছিল । ২০২৩ চনৰ ৭ অক্টোবৰলৈ দুহেজাৰ টকীয়া নোটসমূহ জমা দিয়া বা সলনি কৰাৰ সুবিধা সকলো বেংকৰ শাখাসমূহত উপলব্ধ কৰা হৈছিল আৰু ২০২৩ চনৰ ৯ অক্টোবৰৰ পাছৰ পৰা ৰিজাৰ্ভ বেংকে দুহেজাৰ টকীয়া পুৰণি নোটসমূহ নিজাববীয়াকৈ গ্ৰহণ কৰি আহিছে। লগতে জনতাই ভাৰতীয় ডাক সেৱাৰ জৰিয়তে ৰিজা...

March 13, 2025 3:17 PM

views 53

আৰ বি আয়ে একাউণ্ট সংগ্ৰাহক ব্যৱস্থা তদাৰক কৰাৰ উদ্দেশ্যে স্ব-নিয়ামক সংস্থাৰ বাবে আবেদন বিচাৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক -আৰ বি আয়ে একাউণ্ট সংগ্ৰাহক ব্যৱস্থা তদাৰক কৰাৰ উদ্দেশ্যে স্ব-নিয়ামক সংস্থাৰ বাবে আবেদন বিচাৰিছে। আৰ বি আয়ে জাৰি কৰা পৰিপত্ৰ অনুসৰি ইচ্ছুক আবেদনকাৰীয়ে প্ৰৱাহ প'ৰ্টেলৰ মাধ্যমেৰে ১৫ জুনলৈকে আবেদন পত্র দাখিল কৰিব পাৰিব। আবেদন নিৰ্দিষ্ট আৰ্হিৰ হ'ব লাগিব বুলি আৰ বি আয়ে স্পষ্ট কৰি দিছে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লাভ কৰা আবেদনসমূহ চালি-জাৰি চাই এনে সংস্থাৰ স্বীকৃতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সিদ্ধান্তক চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰ...

January 5, 2025 11:08 AM

views 79

বিত্তীয় খেলিমেলি আৰু দুৰ্নীতিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ১১ টাকৈ বেংক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল

বিত্তীয় খেলিমেলি আৰু দুৰ্নীতিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং আইন ১৯৫৪ৰ অধীনত দেশৰ ভিন্ন পান্তৰ ১১ টাকৈ বেংক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। ইয়াৰে ভিতৰত বিগত সময়ছোৱাত বিভিন্ন বিত্তীয় কেলেংকাৰীত নাম সাঙুৰ খোৱা তেজপুৰৰ মহাভৈৰব কো অপাৰেটিভ আৰবান বেংক লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰো ৰিজাৰ্ভ বেংকে অনুজ্ঞা পত্র বাতিল কৰিছে। উল্লেখযোগ্য যে প্রতিষ্ঠানটোৰ একাংশ প্রাক্তন পৰিচালক, কৰ্মচাৰী আৰু ধন সংগ্ৰাহকে গ্ৰাহকৰ পৰা কোটি টকা আত্মসাতৰ অভিযোগ উপস্থিত হৈছিল। অভিযোগসমূহ পৰীক্ষা কৰাৰ পাছত প্ৰ...

December 21, 2024 12:08 PM

views 47

মানাপ্পুৰম ফাইনেন্সক ২০ লাখ টকাৰ জৰিমনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে মানাপ্পুৰম ফাইনেন্সক KYCৰ নীতি-নিয়মৰ কিছুমান বিধান অমান্য কৰাৰ বাবে ২০ লাখ টকাৰ জৰিমনা বিহিছে। আৰ বি আইয়ে জনোৱা মতে, ২০২৩ চনৰ ৩১ মাৰ্চলৈ অনা-বেংকিং বিত্তীয় কোম্পানীটোৰ বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিধিগত পৰিদৰ্শন কৰা হৈছিল আৰু কোম্পানীটোলৈ জাননী জাৰি কৰা হৈছিল। মানাপুৰম ফাইনেন্সৰ এই জাননীৰ উত্তৰ বিবেচনা কৰাৰ পিছত আৰ বি আইয়ে কয় যে কোম্পানীটোৱে গ্ৰাহকৰ পেন প্রমানীকৰণ হাতত লোৱাত ব্যৰ্থ হোৱাৰ লগতে কিছুমান নির্দিষ্ট গ্রাহকক Unique Identification Customer Identificatio...

December 11, 2024 1:23 PM

views 61

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে সঞ্জয় মালহোত্রাই আজি দায়িত্বভাৰ গ্ৰহণ কৰিব

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে সঞ্জয় মালহোত্রাই আজি দায়িত্বভাৰ গ্ৰহণ কৰিব। বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্থলাভিষিক্ত হ'বলগীয়া মালহোত্রাই সম্প্রতি কেন্দ্ৰীয় ৰাজহ দপ্তৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক ৩ বছৰ কাৰ্যকালৰ বাবে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে ১৯৯০ বৰ্ষৰ ৰাজস্থান কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মালহোত্ৰা হ'ব ৰিজাৰ্ভ বেংকৰ ২৬ সংখ্যক গৱৰ্ণৰ। আই আই টি কাণপুৰৰ অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰীধাৰী মালহোত্ৰাই পাব্লিক পলিচী বিষয়ত আমেৰি...

October 22, 2024 3:40 PM

views 81

২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৭.২ শতাংশ হোৱাৰ সম্ভাৱনা আছেঃ শক্তিকান্ত দাস

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কৈছে যে, বুনিয়াদী চালিকাশক্তি ৰূপে পৰিচিত ব্যৱহাৰ আৰু বিনিয়োগ চাহিদা বৃদ্ধিৰ বাবে ভাৰতৰ বিকাশ ধাৰা অক্ষুণ্ণ থাকিব। শ্রী দাসে ৰিজাৰ্ভ বেংকৰ মাহেকীয়া বুলেটিন যোগে কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৭.২ শতাংশ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে, উন্নত কৃষি প্রেক্ষাপট আৰু গ্ৰাম্য চাহিদাৰ বাবে ব্যক্তিগত ব্যৱহাৰৰ সম্ভাৱনা উজ্বল হ'ব বুলি আশা কৰা হৈছে । সেৱা খণ্ডৰ নিৰন্তৰ বিকাশে নগৰাঞ্চলৰ চাহিদা বৃদ্ধিত অৰিহণা যোগাব বুলি আ...

October 14, 2024 6:12 PM

views 45

ভাৰতে বিশ্বমানৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলাৰ ফলত উচ্চমানৰ ডিজিটেল বিত্তীয় সামগ্রী বিকাশত সুবিধা হৈছেঃ আৰবিআই গৱৰ্ণৰ শক্তিকান্ত দাস

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কৈছে যে ভাৰতে বিশ্বমানৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলাৰ ফলত উচ্চমানৰ ডিজিটেল বিত্তীয় সামগ্রী বিকাশত সুবিধা হৈছে। তেওঁ কয় যে দেশখনত এতিয়া বিশ্বৰ তৃতীয় ষ্টার্টআপ পৰিৱেশতন্ত্ৰ আছে য'ত ১ লাখ ৪০ হাজাৰৰো অধিক ষ্টার্টআপ আৰু ১০০ৰো অধিক ইউনিকর্ণ আছে। নতুন দিল্লীত আজি RBI AT 90 শীর্ষক এখন উচ্চস্তৰীয় সন্মিলনত ভাষণ দি শ্রীদাসে কয় যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতাসমূহৰ দ্বাৰা অইন দেশসমূহ লাভবান হৈ গোলকীয়ভাৱে ডিজিটেল বিপ্লৱৰ সূচন...

September 7, 2024 12:27 PM

views 53

ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধন একেৰাহে তৃতীয় সপ্তাহৰ বাবে বৃদ্ধি

ভাৰতৰ বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৩০ আগষ্টত সমাপ্ত হোৱা সপ্তাহটোত ২০০ কোটিৰো অধিক ডলাৰ বৃদ্ধি পাই ৬৮ হাজাৰ ৩৯০ কোটি ডলাৰৰ অভিলেখ পৰ্যায় পাইছেগৈ। ভাৰতীয় ৰিজাৰ্ভ বেংকে কালি জাৰি কৰা তথ্য অনুসৰি বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধন একেৰাহে তৃতীয় সপ্তাহৰ বাবে বৃদ্ধি পাইছে। বিগত ৩ সপ্তাহত বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধন এহেজাৰ ৩৯০ কোটি ডলাৰ বৃদ্ধি পাইছে। এই সময়ছোৱাত মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৮৬ কোটি ২০ লাখ ডলাৰ বৃদ্ধি পাই ৫৫ হাজাৰ ৯০০ কোটি হৈছে। একেদৰে বিশেষ আহৰণ অধিকাৰ এছ ড...

August 8, 2024 2:12 PM

views 95

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি একেৰাহে নৱম বাৰৰ বাবে পলিচী ৰেপ’ হাৰ ৬.৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি একেৰাহে নৱম বাৰৰ বাবে পলিচী ৰেপ’ হাৰ ৬.৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে। স্থায়ী জমা সুবিধা - এছ ডি এফৰ হাৰ ৬.২৫ শতাংশ আৰু প্ৰান্তীয় স্থায়ী সুবিধা - এম এছ এফ তথা বেংকৰ হাৰো ৬.৭৫ শতাংশতে থাকিব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে চলিত বিত্তীয় বৰ্ষৰ বাবে তৃতীয়টো দুমহীয়া মৌদ্রিক নীতি ঘোষণা কৰি মৌদ্রিক নীতি সমিতি - এম পি চিয়ে ৰেপ' হাৰ পূৰ্বৰ ৬.৫ শতাংশতে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত ৬ জন সদস্যৰ ভিতৰত চাৰিগৰাকীৰ বহুমতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ...

August 7, 2024 12:38 PM

views 59

খেতিয়কসকলক হ্রস্বকালীন ঋণ প্ৰদান কৰিবলৈ বেংকসমূহক নিৰ্দেশ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংক, আৰ বি আয়ে কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত সুদ সাহায্য যোজনা অব্যাহত ৰখাৰ সিদ্ধান্তলৈ চাই বেংকসমূহক হ্রস্বকালীন শস্য ঋণ আৰু পশুপালন, দুগ্ধ উৎপাদন, মৎস্য পালন, মৌ পালনৰ দৰে আনুষঙ্গিক কাম-কাজৰ বাবে কম হাৰত হ্ৰস্বকালীন ঋণ প্ৰদান কৰিবলৈ কৈছে। এই আঁচনিৰ অধীনত খেতিয়কসকলক ৭ শতাংশ সুদৰ হাৰত ৩ লাখ টকালৈ ঋণ প্ৰদান কৰা হ'ব। আৰ বি আয়ে এখন জাননীযোগে কৈছে যে ঋণ প্রদানকাৰী প্ৰতিষ্ঠানসমূহক ২০২৪-২৫ বৰ্ষৰ বাবে সুদৰ ক্ষেত্ৰত ডেৰ শতাংশ ৰেহাই প্ৰদান কৰা হ'ব। সময় মতে ঋণ পৰিশোধ কৰা খেতিয়কসকলক ৩ শতা...