July 25, 2024 10:37 AM

views 51

তেজপুৰৰ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডৰ অনুজ্ঞা বাতিল

ভাৰতীয় ৰিজাৰ্ভ বেংকে এটা নিৰ্দেশযোগে তেজপুৰৰ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডৰ অনুজ্ঞা বাতিল কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বেংকটোৱে আজিৰে পৰা কোনো ধৰণৰ সেৱা বা ব্যৱসায় কৰিব নোৱাৰিব। তদুপৰি অসম সমবায় সমিতিৰ পঞ্জীয়কক এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিবলৈ ৰিজাৰ্ভ বেংকে নির্দেশ দিছে।

April 6, 2024 12:42 PM

views 135

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪.৫ শতাংশ হোৱাৰ সম্ভাৱনাঃ আৰ বি আই

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) কৈছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪ দশমিক ৫ শতাংশ হোৱাৰ সম্ভাৱনা আছে। আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে দ্বি-মাসিক মুদ্রানীতি ঘোষণা কৰি কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ২০২২ চনৰ এপ্ৰিলৰ ৭ দশমিক ৮ শতাংশৰ তুলনাত মুদ্রাস্ফীতি যথেষ্ট হ্রাস পাইছে। তেওঁ লগতে কয় যে মুদ্রাস্ফীতি হ্রাস পাইছে যদিও এই হাৰ এতিয়াও চৰকাৰে নিৰ্ধাৰণ কৰা ৪ শতাংশৰ ওপৰত আছে। গৱর্নৰগৰাকীয়ে কয় যে ২০২৪-২৫ বৰ্ষৰ বাবে প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৭ শতাং...

April 1, 2024 10:44 AM

views 50

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত শ্রীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ উপলক্ষে আয়োজিত RBI at 90 শীর্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত ৰাজ্য মন্ত্ৰী ভাগৱত কৃষণৰাও আৰু পংকজ চৌধাৰীও এই কার্যসূচীত উপস্থিত থাকিব। এই উপলক্ষে আৰ বি আইৰ গৰ্ভনৰ শক্তিকান্ত দাসেও ভাষণ দিব। উল্লেখযোগ্য যে ১৯৩৫ চনৰ পহিলা এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল আৰু আজি প্রতিষ্ঠানটোৱে ৯০ বছৰত প্ৰবেশ...