ভাৰতীয় ৰিজাৰ্ভ বেংক, আৰ বি আয়ে কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত সুদ সাহায্য যোজনা অব্যাহত ৰখাৰ সিদ্ধান্তলৈ চাই বেংকসমূহক হ্রস্বকালীন শস্য ঋণ আৰু পশুপালন, দুগ্ধ উৎপাদন, মৎস্য পালন, মৌ পালনৰ দৰে আনুষঙ্গিক কাম-কাজৰ বাবে কম হাৰত হ্ৰস্বকালীন ঋণ প্ৰদান কৰিবলৈ কৈছে। এই আঁচনিৰ অধীনত খেতিয়কসকলক ৭ শতাংশ সুদৰ হাৰত ৩ লাখ টকালৈ ঋণ প্ৰদান কৰা হ’ব। আৰ বি আয়ে এখন জাননীযোগে কৈছে যে ঋণ প্রদানকাৰী প্ৰতিষ্ঠানসমূহক ২০২৪-২৫ বৰ্ষৰ বাবে সুদৰ ক্ষেত্ৰত ডেৰ শতাংশ ৰেহাই প্ৰদান কৰা হ’ব। সময় মতে ঋণ পৰিশোধ কৰা খেতিয়কসকলক ৩ শতাংশৰ অতিৰিক্ত সকাহ প্ৰদান কৰা হ’ব বুলি আৰ বি আয়ে জানিবলৈ দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে হ্রস্বকালীন ঋণ লাভ কৰাৰ বাবে আধাৰ নম্বৰৰ সৈতে নাম সংযোগ কৰাটো বাধ্যতামূলক হ’ব বুলি প্ৰকাশ কৰিছে। খেতিয়কসকলে যাতে বিপদৰ সময়ত কম দামতে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলগীয়া নহয় তাৰ বাবে তেওঁলোকক গুদামত শস্য মজুত ৰাখিবলৈ উৎসাহিত কৰাৰ বাবে কিষাণ ক্রেডিট কার্ড আঁচনিৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক শস্য চপোৱাৰ পাছত ছমাহলৈকে অতিৰিক্ত সময়ৰ বাবে সুদৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হ’ব।
Assamese | August 7, 2024 12:38 PM | RBI
খেতিয়কসকলক হ্রস্বকালীন ঋণ প্ৰদান কৰিবলৈ বেংকসমূহক নিৰ্দেশ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ