ভাৰতীয় ৰিজাৰ্ভ বেংকে এটা নিৰ্দেশযোগে তেজপুৰৰ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডৰ অনুজ্ঞা বাতিল কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বেংকটোৱে আজিৰে পৰা কোনো ধৰণৰ সেৱা বা ব্যৱসায় কৰিব নোৱাৰিব। তদুপৰি অসম সমবায় সমিতিৰ পঞ্জীয়কক এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিবলৈ ৰিজাৰ্ভ বেংকে নির্দেশ দিছে।
Assamese | July 25, 2024 10:37 AM | RBI
তেজপুৰৰ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডৰ অনুজ্ঞা বাতিল