ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কৈছে যে, বুনিয়াদী চালিকাশক্তি ৰূপে পৰিচিত ব্যৱহাৰ আৰু বিনিয়োগ চাহিদা বৃদ্ধিৰ বাবে ভাৰতৰ বিকাশ ধাৰা অক্ষুণ্ণ থাকিব। শ্রী দাসে ৰিজাৰ্ভ বেংকৰ মাহেকীয়া বুলেটিন যোগে কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৭.২ শতাংশ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে, উন্নত কৃষি প্রেক্ষাপট আৰু গ্ৰাম্য চাহিদাৰ বাবে ব্যক্তিগত ব্যৱহাৰৰ সম্ভাৱনা উজ্বল হ’ব বুলি আশা কৰা হৈছে ।
সেৱা খণ্ডৰ নিৰন্তৰ বিকাশে নগৰাঞ্চলৰ চাহিদা বৃদ্ধিত অৰিহণা যোগাব বুলি আৰ বি আইৰ গৱৰ্ণৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, বাজেট অনুযায়ী কেন্দ্ৰয় আৰু ৰাজ্য চৰকাৰৰ ব্যয়ো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰ বি আইৰ নথি অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচাংক আধাৰিত মুদ্রাস্ফীতি ৪.৫ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে।
Assamese | October 22, 2024 3:40 PM | Governor Shaktikanta Das | RBI
২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৭.২ শতাংশ হোৱাৰ সম্ভাৱনা আছেঃ শক্তিকান্ত দাস