ভাৰতীয় ৰিজাৰ্ভ বেংকে মানাপ্পুৰম ফাইনেন্সক KYCৰ নীতি-নিয়মৰ কিছুমান বিধান অমান্য কৰাৰ বাবে ২০ লাখ টকাৰ জৰিমনা বিহিছে। আৰ বি আইয়ে জনোৱা মতে, ২০২৩ চনৰ ৩১ মাৰ্চলৈ অনা-বেংকিং বিত্তীয় কোম্পানীটোৰ বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিধিগত পৰিদৰ্শন কৰা হৈছিল আৰু কোম্পানীটোলৈ জাননী জাৰি কৰা হৈছিল। মানাপুৰম ফাইনেন্সৰ এই জাননীৰ উত্তৰ বিবেচনা কৰাৰ পিছত আৰ বি আইয়ে কয় যে কোম্পানীটোৱে গ্ৰাহকৰ পেন প্রমানীকৰণ হাতত লোৱাত ব্যৰ্থ হোৱাৰ লগতে কিছুমান নির্দিষ্ট গ্রাহকক Unique Identification Customer Identification Codeৰ পৰিৱৰ্তে কিছুমান নির্দিষ্ট গ্রাহকক একাধিক চিনাক্তকৰণ ক’ড প্ৰদান কৰিছিল।
Assamese | December 21, 2024 12:08 PM | RBI
মানাপ্পুৰম ফাইনেন্সক ২০ লাখ টকাৰ জৰিমনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ