● ভাৰতীয় অৰ্থব্যৱস্থা ৬.৫ শতাংশৰ মুঠ ঘৰুৱা উৎপাদনেৰে ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থা হৈ থকাৰ সম্ভাৱনা আছে। এচিয় বিকাশ বেংকে আজি জাৰি কৰা প্ৰতিবেদন অনুসৰি শক্তিশালী ঘৰুৱা চাহিদা, স্বাভাৱিক বৰষুণ আৰু ধনৰ যোগান বৃদ্ধি তথা সুদৰ হাৰ হ্ৰাস কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবেই ভাৰত দ্রুত বিকাশশীল অৰ্থব্যৱস্থাসমূহৰ অন্যতম ৰূপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। প্রতিবেদনখনত ভাৰতীয় ৰিজাৰ্ভ বেংকে পূর্বানুমান কৰাৰ দৰে ২০২৫ বৰ্ষৰ বাবে মুদ্রাস্ফীতি ৩.৮ শতাংশ আৰু ২০২৬ বৰ্ষৰ বাবে ৪.০ শতাংশৰ ভিতৰত থকা সম্ভাৱনা আছে। বিভিন্ন খাদ্য সামগ্ৰীৰ মূল্যৰ নিম্নমুখী গতিয়ে মুদ্রাস্ফীতি নিয়ন্ত্রণ ৰখাত সহায় কৰিছে। উল্লেখযোগ্য যে দেশত যোৱা জুনত উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ২.১ শতাংশলৈ হ্ৰাস পাইছে। এই পৰিমাণ বিগত ৬ বছৰৰ ভিতৰত আটাইতকৈ কম।
Assamese | July 23, 2025 4:12 PM | Akashvani News | RBI | Reserve Bank
২০২৫ বৰ্ষৰ বাবে দেশৰ মুদ্রাস্ফীতি ৩.৮ শতাংশ আৰু ২০২৬ বৰ্ষৰ বাবে ৪.০ শতাংশৰ ভিতৰত থকা সম্ভাৱনা