ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্রিক নীতি সমিতিয়ে আজি ৰেপ’ৰেট ৫০ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৫.৫ শতাংশ কৰে। ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংকে ফেব্ৰুৱাৰী আৰু এপ্ৰিলতো ২৫ পইণ্ট হ্ৰাস কৰিছিল। ২০২৫ বৰ্ষত এতিয়ালৈকে ৰেপ’ ৰেটৰ ক্ষেত্ৰত সৰ্বমুঠ ১ শতাংশ হ্ৰাস কৰা হৈছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোত্ৰাই প্ৰকাশ কৰা অনুসৰি, ৰেপ’ ৰেট হ্রাসে বিশ্বজনীন অনিশ্চয়তাৰ পৰিস্থিতিত দেশৰ অর্থনৈতিক বৃদ্ধিত সহায় কৰিব।
Assamese | June 6, 2025 8:21 PM | RBI | Reserve Bank of India
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্রিক নীতি সমিতিয়ে ৰেপ’ৰেট ৫০ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৫.৫ শতাংশ কৰিছে