ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্রানীতি সমিতিৰ ৰেপ’ হাৰ কর্তন সন্দৰ্ভত তিনিদিনীয়া বৈঠকৰ আজি আৰম্ভ হ’ব। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত অনুষ্ঠিত সমিতিৰ বৈঠকৰ সিদ্ধান্তসমূহ বুধবাৰে ঘোষণা কৰা হ’ব। ষ্টেট বেংকৰ প্ৰতিবেদন অনুসৰি, ৰিজাৰ্ভ বেংকৰ মুদ্রানীতি সমিতিয়ে দিপাৱলীৰ পূৰ্বে ঋণ বৃদ্ধিৰ উদ্দেশ্য ২৫ বেচিছ পইণ্ট ৰেপ’ হাৰ কৰ্তনৰ ঘোষণা কৰিব পাৰে।এছ বি আইৰ প্ৰতিবেদনখনত কোৱা হৈছে যে ফ্ৰণ্ট লোডেড হাৰ কৰ্তনৰ ফলত ঋণ বৃদ্ধিৰ ক্ষেত্ৰত “আগতীয়া দিপাৱলী”ৰ সুচনা কৰিব পাৰে। এই প্ৰতিবেদনৰ মতে, পূৰ্বৰ তথ্যসমূহে কয় যে উৎসৱৰ সময়ত বিশেষকৈ দীপাৱলীৰ সময়ত ৰেপ’ হাৰ কৰ্তনৰ ফলত ঋণৰ হাৰ বৃদ্ধি পায়। প্রতিবেদনখনত লগতে কোৱা হৈছে যে যিহেতু দীপাৱলী ভাৰতৰ এটা ডাঙৰ উৎসৱ, এই সময়ত গ্রাহকে যথেষ্ট ব্যয় কৰে। সেয়ে দিপাৱলীৰ পূৰ্বে কম সুতৰ হাৰৰ পৰিৱেশ ঋণ বৃদ্ধিত সহায়ক হয়। অৱশ্যে কেইবাগৰাকীও অর্থনীতিবিদৰ মতে, একেৰাহে তৃতীয়বাৰলৈ মুঠ ১০০ বেচিছ পইণ্ট কৰ্তনৰ পাছত কেন্দ্ৰীয় বেংকে ৰেপ’ হাৰ ৫দশমিক ৫ শতাংশতে স্থিৰ কৰিব পাৰে।
Assamese | August 4, 2025 12:20 PM | RBI
আজিৰে পৰা ৰেপ’ হাৰ কর্তন সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তিনিদিনীয়া বৈঠক