আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৬.৭ শতাংশ হ’ব বুলি অনুমান কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৬.৭ শতাংশ হ’ব বুলি অনুমান কৰিছে। আৰ বি আইৰ মুদ্ৰা নীতি সমিতিয়ে ৰেপ’ ৰেট অর্থাৎ‍ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক দিয়া হ্রস্বকালীন ঋণৰ সুদৰ হাৰ ৫.২৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংক গভৰ্ণৰ সঞ্জয় মালহোত্রাই আজি কয় যে স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ লগতে ভাৰতক দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছে। তেওঁ কয়, যে চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ ত্রৈমাসিকত দেশৰ অৰ্থনীতিয়ে আশা কৰাতকৈ ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছে।

আজি ৰিজাৰ্ভ বেংকৰ মুদ্রা নীতি সমিতিৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি শ্ৰীমালহোত্রাই কয়, যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রৈমাসিকত দেশৰ অৰ্থনীতিৰ ফলাফল আশা কৰাতকৈ উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকে ২০২৬- ২৭ বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ পূৰ্বানুমান ৬ দশমিক ৭ শতাংশলৈ বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। তেওঁ কয়, যে পশ্চিম এছিয়াৰ সংঘাতপূর্ণ পৰিস্থিতিয়ে বাণিজ্যৰ মূল পথসমূহ ব্যাহত কৰাৰ ফলত বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।

ৰিজাৰ্ভ বেংকে ২০২৭৩ বৰ্ষত উপভোক্তা মূল্যসূচক অনুসৰি মুদ্রাস্ফীতিৰ হাৰ ৫.১ শতাংশৰ পৰিৱৰ্তে ৫ শতাংশ হ’ব বুলি পূর্বানুমান কৰিছে। আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে ২০২৬-২৭ বৰ্ষত ঘৰুৱা অৰ্থনীতিৰ বিকাশ আশাপ্রদ বুলি উল্লেখ কৰি ৰপ্তানী বৃদ্ধি, সুস্থিৰ বিনিয়োগ আৰু যোগানৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা দূৰ কৰাৰ ফলত বিশ্বজুৰি দেখা দিয়া অনিশ্চয়তাৰ মাজতো সামগ্রিক অর্থ ব্যৱস্থা শক্তিশালী হোৱা বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে সকলো কাম পৰিকল্পনা অনুসৰি হ’লে অহা বিত্তীয় বৰ্ষৰ আৰম্ভণিতে প্লাষ্টিকৰ নোট প্ৰচলন কৰা হ’ব। তেওঁ কয় যে প্লাষ্টিকৰ নোট সোনকালে নষ্ট নহয়। এনে নোটৰ সুৰক্ষা বিষয়ক বৈশিষ্ট্য আৰু অন্য বিৱৰণ শীঘ্ৰেই সদৰি কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।