August 5, 2026 7:40 PM
7
আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৬.৭ শতাংশ হ’ব বুলি অনুমান কৰিছে
ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৬.৭ শতাংশ হ'ব বুলি অনুমান কৰিছে। আৰ বি আইৰ মুদ্ৰা নীতি সমিতিয়ে ৰেপ' ৰেট অর্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক দিয়া হ্রস্বকালীন ঋণৰ সুদৰ হাৰ ৫.২৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক গভৰ্ণৰ সঞ্জয় মালহোত্রাই আজি কয় যে স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ লগতে ভাৰতক দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছে। তেওঁ কয়, যে চলিত বিত্তীয় বৰ্...