সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি ৭ বছৰ সম্পূৰ্ণ হ’ল। ২০১৯ চনৰ এই দিনটোতেই জম্মু-কাশ্মীৰক বিশেষ মর্যাদা প্ৰদান কৰা ৩৭০ নম্বৰ অনুচ্ছেদ সংসদে বাতিল কৰিছিল।
ইয়াৰ পূৰ্বে ৩৭০ নম্বৰ অনুচ্ছেদত উল্লেখ কৰা অনুসৰি পৃথক সংবিধান থকা জম্মু-কাশ্মীৰেই দেশৰ একমাত্ৰ ৰাজ্য আছিল। এয়া এটা অস্থায়ী ব্যৱস্থা আছিল যিয়ে ৰাজ্যখনক বিশেষ স্বায়ত্ত শাসনৰ অনুমতি প্ৰদান কৰিছিল।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৭০ নম্বৰ অনুচ্ছেদ বাতিলৰ পাছত জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণ বহুল ৰূপান্তৰৰ সাক্ষী হৈছে বুলি প্ৰকাশ কৰিছে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান আন্তঃগাঁথনি বিকাশৰ লগতে শিক্ষা, স্বাস্থ্য, উদ্যমিতা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সুযোগ সৃষ্টি হৈছে। তেওঁ কয় যে অঞ্চলটোৰ মহিলা, পিছপৰা সম্প্রদায়কে ধৰি দশকজুৰি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিতসকল বৰ্তমান উপকৃত হৈছে।