ৰাষ্ট্ৰীয়

August 6, 2026 9:21 PM

views 24

প্রধানমন্ত্রী সূর্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰীৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে : প্রহ্লাদ যোশী

প্রধানমন্ত্রী সূর্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্রকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগ মহাসংঘৰ আন্তঃৰাষ্ট্ৰীয় শক্তি সম্মিলন আৰু প্রদর্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্রতি ১৯ লাখ পৰি...

August 6, 2026 8:44 PM

views 17

ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবর্ধনৰ বাবে কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই আজি মুঠ ২৩ হাজাৰ ৭৩১ কোটি টকাৰ ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবর্ধনৰ বাবে অনুমোদন জনায়। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবে কয়, যে এই আঁচনিয়ে ডেৰ লাখ চাকৰিৰ সৃষ্টি কৰিব। ভাৰতৰ সেউজ শক্তিৰ যাত্ৰাত গোবর্ধনে বিশেষ মাত্ৰা প্ৰদান কৰিব। এই আ...

August 6, 2026 8:41 PM

views 23

সংসদত বিনিয়োজন বিধেয়ক ২০২৬ গৃহীত

সংসদে বিনিয়োজন বিধেয়ক ২০২৬ গৃহীত কৰিছে। ৰাজ্যসভাত আলোচনাৰ অন্তত এই আইনখন লোকসভালৈ ঘূৰাই পঠিওৱা হৈছে। ইতিমধ্যে লোকসভাই বিধেয়কখন গৃহীত কৰিছে। দ্বিতীয়বাৰ সদন স্থগিত ৰখাৰ পিছত ২ বাজি ৪৫ মিনিটত সদন পুনৰ মিলিত হোৱাত বিত্তমন্ত্রী নির্মলা সীতাৰমনে বিধেয়কখন পুনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। ইয়াত ২০২৩ চনৰ ৩১ মা...

August 6, 2026 6:16 PM

views 26

আজি ভাৰতৰ প্রাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ সপ্তম মৃত্যুবার্ষিকী

প্রাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ আজি সপ্তম মৃত্যুবার্ষিকী। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। লোকসভাৰ অধ্যক্ষ বিৰলাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে প্রয়াত স্বৰাজ...

August 6, 2026 6:07 PM

views 29

প্ৰদেশৰ লখিমপুৰ খেৰিত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰত প্ৰধান অভিযুক্ত আশীষ মিশ্ৰৰ জামিনৰ চৰ্ত শিথিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

উচ্চতম ন্যায়ালয়ে ২০২১ চনত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰত প্ৰধান অভিযুক্ত আশীষ মিশ্ৰৰ জামিনৰ চৰ্ত শিথিল কৰিবলৈ অস্বীকাৰ কৰিছে। মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ভি মোহনাৰে গঠিত বিচাৰপীঠে অভিযুক্তজনৰ জামিনৰ চৰ্ত শিথিল কৰাৰ আবেদন খাৰিজ কৰে। অভিযুক্তৰ...

August 6, 2026 6:07 PM

views 34

প্রধানমন্ত্ৰী সূৰ্য্যৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে: শক্তিমন্ত্রী প্রহ্লাদ যোশী

প্রধানমন্ত্ৰী সূৰ্য্যৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগ মহাসংঘৰ আন্তঃৰাষ্ট্ৰীয় শক্তি সন্মিলন আৰু প্ৰদৰ্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্ৰতি ১...

August 6, 2026 5:58 PM

views 38

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম-কাজ আজিও ব্যাহত

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা- নীটক লৈ প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম-কাজ আজিও ব্যাহত হয়। লোকসভা দিনৰ ১১ বজাত মিলিত হোৱাৰ সময়ত সদনে জাপানৰ হিৰোছিমা আৰু না...

August 5, 2026 7:44 PM

views 35

বেংকার্ড বুক এভিডেন্স বিল অর্থাৎ বেংক বহী সাক্ষ্য বিধেয়ক ২০২৬ গৃহীত হোৱাৰ পাছত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

বেংকার্ড বুক এভিডেন্স বিল অর্থাৎ বেংক বহী সাক্ষ্য বিধেয়ক ২০২৬ গৃহীত হোৱাৰ পাছত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। সদনৰ কাম-কাজ প্ৰথম বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে এই বিধেয়কখন উত্থাপন কৰে। বেংকৰ বহী সম্পৰ্কীয় সাক...

August 5, 2026 7:42 PM

views 37

দেশৰ বিভিন্ন প্ৰান্তৰ ৫৭৯টা মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা ৪১বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে

দেশৰ বিভিন্ন প্ৰান্তৰ ৫৭৯টা মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা ৪১বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী বি এল বার্মাই কয় যে পশ্চিম এছিয়া সংঘাতৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই স...

August 5, 2026 7:40 PM

views 23

আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৬.৭ শতাংশ হ’ব বুলি অনুমান কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৬.৭ শতাংশ হ'ব বুলি অনুমান কৰিছে। আৰ বি আইৰ মুদ্ৰা নীতি সমিতিয়ে ৰেপ' ৰেট অর্থাৎ‍ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক দিয়া হ্রস্বকালীন ঋণৰ সুদৰ হাৰ ৫.২৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় ৰিজাৰ্ভ বে...