ৰাষ্ট্ৰীয়

June 21, 2026 10:56 AM

views 23

নীট ইউজি ২০২৬ৰ পুনৰ অনুষ্ঠিত হব

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা- নীট ইউজি ২০২৬ৰ আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ ৫৫১ খন আৰু বিদেশৰ ১৪ খন চহৰত হ'বলগীয়া এই পৰীক্ষাত ২২ লাখ ৭৯ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়'মেট্রিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে ...

June 21, 2026 10:47 AM

views 24

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আই এন এছ দুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ তিনিখন থলুৱাভাৱে নির্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাবে অন্তর্ভুক্ত কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত আই এন এছ দুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ তিনিখন থলুৱাভাৱে নির্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাবে অন্তর্ভুক্ত কৰিব। গার্ডেন বিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰছ নামৰ প্রতিষ্ঠানটোৱে নৌসেনাৰ যুদ্ধ জাহাজ ডিজাইন ব্যুৰ'ই আৰ্হি প্ৰস্তুত কৰা জাহাজকেইখন নিৰ্মাণ কৰি উলি...

June 21, 2026 10:41 AM

views 28

বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- সুস্থ বাৰ্ধক্যৰ বাবে যোগ আৰু ইয়াৰ জৰিয়তে সুস্থ, সক্রিয় আৰু মৰ্যাদাপূর্ণ বাৰ্ধক্যৰ বাবে যোগাভ্যাসক জীৱনজোৰা সাধনা হিচাপে আঁকোৱালি লোৱাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হৈছে। পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত ...

June 20, 2026 10:54 PM

views 11

দূৰদৰ্শী শাসন আৰু বিশ্ব নেতাসকলৰ সৈতে গঠনমূলক আলোচনাৰ জৰিয়তে প্রধানমন্ত্ৰীয়ে বিশ্ব দৰবাৰত দেশৰ মৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি কৰিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্রশংসা কৰি কয় যে দূৰদৰ্শী শাসন আৰু বিশ্ব নেতাসকলৰ সৈতে গঠনমূলক আলোচনাৰ জৰিয়তে তেওঁ বিশ্ব দৰবাৰত দেশৰ মৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি কৰিছে। ওড়িশাৰ ময়ুভঞ্জ জিলাৰ ৰায়ৰংপুৰত মোহন চৰণ মাঝিৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া কাৰ্য...

June 20, 2026 10:50 PM

views 10

বিভিন্ন কল্যানমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা নিজকে সৱল কৰি জনজাতীয় সম্প্ৰদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কল্যানমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা নিজকে সৱল কৰি জনজাতীয় সম্প্রদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে।  ওডিশাৰ ময়ুৰভঞ্জ জিলাৰ ৰায়ৰংপুৰত মোহন চৰণ মাঝিৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখ...

June 20, 2026 10:41 PM

views 16

মহাৰাষ্ট্ৰৰ কোলহাপুৰত ১,৪৪৫ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ শ্রীঅম্বাবাই মন্দিৰ উন্নয়ন প্রকল্পৰ শুভাৰম্ভ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত এহেজাৰ ৪৪৫ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ শ্রীঅম্বাবাই মন্দিৰ উন্নয়ন প্রকল্প শুভাৰম্ভ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবীজ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।  এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ ...

June 20, 2026 10:38 PM

views 16

হুগলি জিলাৰ তাৰাকেশ্বৰত আয়োজিত পশ্চিমবংগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ; পিএম কিষাণ আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হুগলি জিলাৰ তাৰাকেশ্বৰত আয়োজিত পশ্চিমবংগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ লগতে দেশৰ ৯ কোটি ৪৪ লাখৰো অধিক কৃষক উপকৃত কৰাৰ বাবে ১৮ হাজাৰ ৮৮০ কোটি টকাৰ  পিএম কিষাণ আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি কৰি দিয়ে।  শ্রীমোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুৱেন্দু অধিকাৰীৰ সৈতে প...

June 20, 2026 10:36 PM

views 18

কাইলৈ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন

কাইলৈ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ উদযাপন কৰা হ'ব। এইবাৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সুস্থ বাৰ্ধক্যৰ বাবে যোগ বিষয়বস্তুৰে যোগাসন সুস্থ, সক্ৰিয় আৰু মৰ্যাদাপূর্ণ বয়স বৃদ্ধিৰ বাবে আজীৱন অনুশীলন হিচাপে গ্ৰহণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে।  পশ্চিম বংগৰ কলকাতাৰ ঐতিহাসিক ৰেড...

June 20, 2026 10:32 PM

views 13

দিল্লীত কেন্দ্ৰীমন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙৰ দক্ষিণ কোৰিয়াৰ গৃহ আৰু সুৰক্ষা মন্ত্ৰী য়ুন হুজুংগৰ সৈতে দ্বিপাক্ষিক আলোচনা

ভাৰত আৰু দক্ষিণ কোৰিয়াই লোক প্ৰশাসন আৰু ডিজিটীয় প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে উভয় দেশৰ প্ৰতিশ্ৰুতিদ্ধতাক দোঁহাৰিছে। আজি নতুন দিল্লীত কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙ দক্ষিণ কোৰিয়াৰ গৃহ আৰু সুৰক্ষা মন্ত্ৰী য়ুন হুজুংগৰ সৈতে দ্বিপাক্ষি...

June 20, 2026 10:27 PM

views 9

গোৱাৰ পানাজীত আয়োজিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত সাংগঠনিক প্রস্তুতিৰ পৰ্যালোচনা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানে আজি গোৱাৰ পানাজীত আয়োজিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত দলটোৰ সাংগঠনিক প্রস্তুতি পৰ্যালোচনা কৰে। দলীয় কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমুৰুগানে প্ৰতিগৰাকী যোগ্য নাগৰিকে যাতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে তাক ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।