ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজহুৱা ক্ৰয় মঞ্চ চৰকাৰী ই-বজাৰ ব্যৱস্থা চমুকৈ জেমে যোৱা ১০ বছৰত সামগ্রিকভাৱে ২০ লাখ কোটিতকৈও অধিক মূল্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য ২০১৬ চনৰ ৯ আগষ্টত প্রযুক্তি, স্বচ্ছতা, পাৰদৰ্শিতা আৰু সুপ্রশাসনৰ জৰিয়তে ৰাজহুৱা ক্ৰয় ব্যৱস্থাৰ ৰূপান্তৰৰ উদ্দেশ্যে এই মঞ্চ মুকলি কৰা হৈছিল। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জেমৰ মুখ্য কাৰ্যবাহী বিষয়া মিহিৰ কুমাৰে কয়, যে ২০১৬-১৭ চনত জেমৰ চাৰিশ ২২ কোটি টকাৰ ব্যৱসায় বর্তমান ২০ লাখ কোটিতকৈও অধিক হৈছেগৈ। তেওঁ কয়, যে যোৱা দশকত এই মঞ্চ দেশৰ ডিজিটেল প্রশাসন ব্যৱস্থাৰ এটা শক্তিশালী খুঁটি হিচাপে পৰিগণিত হৈছে।
Assamese | August 7, 2026 8:11 PM | GeM
যোৱা ১০ বছৰত জেমৰ ২০ লাখ কোটিতকৈও অধিক মূল্যৰ বজাৰ দখল