লোকসভাত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ বক্তব্য

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কৈছে, যে হিংসা, শত্রুতা আৰু সন্ত্রাসবাদ মুক্ত পৰিবেশ গঢ়ি উঠাৰ পাছতহে ভাৰতে পাকিস্তানৰ সৈতে সম্পর্ক আগবঢ়াব। লোকসভাত আজি এটা লিখিত প্রশ্নোত্তৰত শ্রীজয়শংকৰে কয়, যে পাকিস্তানে সীমান্ত সিপাৰৰ সন্ত্রাসবাদৰ নীতি আৰু সন্ত্রাসবাদক ভাৰতৰ বিৰুদ্ধে দেশখনৰ প্ৰধান আহিলা হিচাপে ব্যৱহাৰ কৰি আছে। শ্রীজয়শংকৰে কয়, যে পুলৱামা সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ প্ৰতি কোনো সহমর্মিতা প্রকাশ কৰা নাই আৰু পাকিস্তানৰ পৰা আমদানি আৰু ৰপ্তানিকৃত সকলো সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ হাৰ ২০০ শতাংশলৈ বৃদ্ধি কৰিছে। পুলৱামা সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰতে সিন্ধু জলচুক্তি স্থগিত কৰা, আট্টাৰী পহৰা চকী বন্ধ কৰা, ভিজাৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা আদি বিভিন্ন কূটনৈতিক পদক্ষেপ গ্রহণ কৰিছে বুলি তেওঁ প্রকাশ কৰে। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত থকা সন্ত্রাসবাদীৰ ঘাটিসমূহ ভাৰতীয় সেনাই ধ্বংস কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু পাকিস্তানে বর্তমান দেশ দুখনৰ ৰাজধানীত নিজৰ কূটনৈতিক অভিযান অব্যাহত ৰাখিছে। দেশ দুখনৰ মাজত সামৰিক অভিযানৰ সঞ্চালকপ্ৰধান পৰ্যায়ৰ আলোচনা, বেলেস্টিক ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণৰ পূৰ্বে আগতীয়া তথ্য প্রদান, পৰমাণু ক্ষেপণাস্ত্ৰৰ তালিকাৰ আদান-প্রদান আৰু দেশ দুখনৰ কাৰাগাৰত থকা কয়দীসকলৰ তালিকাৰ আদান-প্রদানকে ধৰি বিভিন্ন কাম-কাজ অব্যাহত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।