August 7, 2026 8:07 PM
10
লোকসভাত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ বক্তব্য
বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কৈছে, যে হিংসা, শত্রুতা আৰু সন্ত্রাসবাদ মুক্ত পৰিবেশ গঢ়ি উঠাৰ পাছতহে ভাৰতে পাকিস্তানৰ সৈতে সম্পর্ক আগবঢ়াব। লোকসভাত আজি এটা লিখিত প্রশ্নোত্তৰত শ্রীজয়শংকৰে কয়, যে পাকিস্তানে সীমান্ত সিপাৰৰ সন্ত্রাসবাদৰ নীতি আৰু সন্ত্রাসবাদক ভাৰতৰ বিৰুদ্ধে দেশখনৰ প্ৰধান আহিলা হিচাপে ব্যৱহাৰ কৰি আছে। শ্রীজয়শংকৰে কয়, যে পুলৱামা সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ প্ৰতি কোনো সহমর্মিতা প্রকাশ কৰা নাই আৰু পাকিস্তানৰ পৰা আমদানি আৰু ৰপ্তানিকৃত সকলো সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্...