August 8, 2026 12:17 PM | Health Ministry

printer

ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ স্কেন এণ্ড শ্বেয়াৰ সেৱাৰ ২৫ কোটি অ’পিডি পঞ্জীয়নৰ মাইলৰ খুঁটি অতিক্ৰম

আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ স্কেন এণ্ড শ্বেয়াৰ সেৱাই ২৫ কোটি অ’পিডি পঞ্জীয়নৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে কয় যে এই সফলতাই নাগৰিককেন্দ্ৰিক ডিজিটেল সেৱাৰ দ্রুত পৰিসৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰে আৰু সমগ্র দেশতে আভা সক্ষম ডিজিটেল স্বাস্থ্য সমাধানক ক্রমান্বয়ে গ্রহণ কৰাটো প্ৰতিফলিত কৰে। মন্ত্রালয়ে কয় যে, ২০২২ চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱাৰ পিছৰে পৰা স্কেন এণ্ড শ্বেয়াৰ সেৱাই ৰোগীসকলক সৰল QR-ক’ড স্কেনৰ জৰিয়তে ডিজিটেলভাৱে চিকিৎসালয়ৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰি অ’পিডি পঞ্জীয়নৰ অভিজ্ঞতাক সহজ কৰি তুলিছে। মন্ত্রালয়ে জনোৱা মতে, বর্তমান সমগ্ৰ দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ৭৫৬খন জিলাত এই সেৱা কার্যক্ষম হৈ আছে। মন্ত্রালয়ে লগতে কয় যে গড়ে প্রায় চাৰি লাখ ৰোগীয়ে প্ৰতিদিনে অ’পিডি পঞ্জীয়নৰ বাবে স্কেন এণ্ড ৰেজিষ্টাৰ সেৱা ব্যৱহাৰ কৰে, যিয়ে ডিজিটেল স্বাস্থ্যসেৱা সেৱাৰ প্ৰতি নাগৰিকৰ ক্রমবর্ধমান আস্থাক প্ৰতিফলিত কৰে। ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ ভিতৰত বিহাৰে ৭কোটি ৩০ লাখৰো অধিক স্কেন আৰু পণজীয়ন লেনদেনেৰে দেশৰ ভিতৰতে শীর্ষ স্থানত আছে। উত্তৰ প্রদেশে, অন্ধ্রপ্রদেশে আৰু জম্মু-কাশ্মীৰো স্কেন এণ্ড ৰেজিষ্টাৰ লেনদেনেৰে আগবাঢ়ি আছে। চৰকাৰী স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ ভিতৰত এইমছ নতুন দিল্লীয়ে ৫৪লাখ ২৯ হাজাৰৰো অধিক পঞ্জীয়নৰ সৈতে সৰ্বাধিক স্কেন এণ্ড ৰেজিষ্টাৰ পঞ্জীয়ন সৃষ্টি কৰিছে। এই কৃতিত্ব সন্দৰ্ভত ভাষণ দি ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া ডাঃ সুনীল কুমাৰ বৰ্ণৱালে কয় যে স্কেন এণ্ড ৰেজিষ্টাৰৰ জৰিয়তে ২৫ কোটি অ’পিডি পঞ্জীয়নৰ মাইলৰ খুঁটি অতিক্ৰম কৰাটোৱে ভাৰতৰ ডিজিটেল স্বাস্থ্য পৰিৱেশ তন্ত্ৰত নাগৰিক আৰু স্বাস্থ্যসেৱা প্রদানকাৰীসকলে যি ক্রমবর্ধমান আস্থা ৰাখিছে তাক প্রতিফলিত কৰিছে।