August 8, 2026 12:17 PM

views 26

ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ স্কেন এণ্ড শ্বেয়াৰ সেৱাৰ ২৫ কোটি অ’পিডি পঞ্জীয়নৰ মাইলৰ খুঁটি অতিক্ৰম

আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ স্কেন এণ্ড শ্বেয়াৰ সেৱাই ২৫ কোটি অ'পিডি পঞ্জীয়নৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে কয় যে এই সফলতাই নাগৰিককেন্দ্ৰিক ডিজিটেল সেৱাৰ দ্রুত পৰিসৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰে আৰু সমগ্র দেশতে আভা সক্ষম ডিজিটেল স্বাস্থ্য সমাধানক ক্রমান্বয়ে গ্রহণ কৰাটো প্ৰতিফলিত কৰে। মন্ত্রালয়ে কয় যে, ২০২২ চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱাৰ পিছৰে পৰা স্কেন এণ্ড শ্বেয়াৰ সেৱাই ৰোগীসকলক সৰল QR-ক'ড স্কেনৰ জৰিয়তে ডিজিটেলভাৱে চিকিৎসালয়ৰ পঞ...

December 7, 2025 12:05 PM

views 87

অসমত ২০২৪ বৰ্ষত ৪১,৭১৩ জন লোকৰ দেহত কৰ্কট ৰোগৰ সংক্ৰমণ

ৰাজ্যত ২০২৪ বৰ্ষত ৪১,৭১৩ জন লোকৰ দেহত কৰ্কট ৰোগৰ সংক্ৰমণ ধৰা পৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্র্যালয়ে প্রকাশ কৰিছে লোকসভাৰ চলিত শীতকালীন অধিৱেশনৰ কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্য মন্ত্রী প্রতাপ ৰাও যাদৱে প্ৰকাশ কৰা মতে ২০২৪ বৰ্ষত অসমত ৪১,৭১৩ জন লোক কৰ্কট ৰোগত আক্রান্ত হৈছে। ২০২৩ বর্ষতো অসমত আনুমাণিক ৪০ হাজাৰৰো অধিক লোক এই ৰোগত আক্রান্ত হোৱা বুলি স্বাস্থ্যমন্ত্র্যালয়ে তথ্যত প্রকাশ পাইছে। আই চি এম আৰৰ ৰাষ্ট্ৰীয় কৰ্কট পঞ্জীয়ন প্রকল্পৰ তথ্যৰ উদ্ধৃতিৰে স্বাস্থ্য মন্ত্র্যালয়ে প্রকাশ কৰা মতে ...

August 26, 2024 11:29 AM

views 69

জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনা ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

কেন্দ্ৰীয় চৰকাৰে জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনা ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে। জ্বৰ, চৰ্দি-কাহ, বিষ, এলার্জি আদিত বহুল ভাবে ব্যৱহৃত এই ঔষধৰ উৎপাদন তথা মজুতকৰণতো কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৬ চনত গঠন কৰা বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিষিদ্ধ কৰা ঔষধৰ তালিকাত আছে ছেট্রিজিন, এইচ চি এল পেৰাচিটামল, ফেনিলেফ্রি, প্রপোনোলামাইন আদি। বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুযায়ী ইয়াৰ পূৰ্বে ১৪ বিধ ফিক্সড ড'জ কম্ব...

August 20, 2024 5:40 PM

views 57

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয় আৰু প্ৰতিষ্ঠানৰ মুৰব্বীলৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎ‍সালয়ত সুৰক্ষা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয় আৰু প্ৰতিষ্ঠানৰ মুৰববীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত মন্ত্ৰালয়ে আগমন, প্রস্থান, কৰিড'ৰ আৰু স্পৰ্শকাতৰ এলেকাসহ কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যাপ্ত মাত্ৰাত উচ্চ ৰিজ'লিউচনৰ চি চি টি ভি কেমেৰা স্থাপন কৰিবলৈ আহ্বান জনাইছে। জৰুৰীকালীন অৱস্থাত তাৎক্ষণিক সঁহাৰিৰ বাবে এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰিবলৈও পত্ৰখনত কোৱা হৈছে। তদুপৰি পত্ৰখনত চিকিৎসালয়ৰ চৌহদসমূহত নিৰীক্ষণ, টহল আৰু পৰ্...

August 18, 2024 11:35 AM

views 93

দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাইঃ স্বাস্থ্য মন্ত্ৰ্যালয়

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কৈছে যে দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক আন্তৰাষ্ট্ৰীয় স্বাস্থ্যজনিত জৰুৰী অৱস্থাৰূপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীত আয়োজিত এখন বৈঠকত মাংকিপক্সৰ স্থিতি আৰু প্ৰস্তুতি সম্পৰ্কে পর্যালোচনা চলায়। বৈঠকত এই বুলি কোৱা হয় যে, মাংকিপক্সৰ সংক্ৰমণ সাধাৰণতে দুইৰ পৰা চাৰি সপ্তাহৰ ভিতৰত নিজে নিজে নোহোৱা হয় আৰু ৰোগীসকলে সহায়ক ব্যৱস্থাপনাৰ জৰিয়তে সুস...

August 4, 2024 11:12 AM

views 41

কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ স্থলপথ, জলপথ আৰু আকাশীপথ আদি বিভিন্ন মাধ্যমেৰে মানৱ অংগ পৰিবহণৰ মানসম্পন্ন পৰিচালন বিধি জাৰি

কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে স্থলপথ, জলপথ আৰু আকাশীপথৰ দৰে ভ্ৰমণৰ বিভিন্ন মাধ্যমেৰে মানৱ অংগ পৰিবহণৰ মানসম্পন্ন পৰিচালন বিধি জাৰি কৰিছে। এই মানসম্পন্ন পৰিচালন বিধি সমগ্ৰ দেশত অংগ সংৰোপনৰ সৈতে জড়িতসকলৰ বাবে পথ প্রদর্শক নথি হ'ব। স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই কয় যে, ইয়াৰ ফলত অংগ সংৰোপনৰ গুণগত মান উন্নত হ'ব। তেওঁ কয় যে, অংগসমূহ সঠিক সময়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে সংৰোপনৰ অপেক্ষাত থকা অগণন ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যাব ।

July 10, 2024 12:36 PM

views 49

প্ৰফেচাৰ ড০ সৌম্যা স্বামীনাথনক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি

প্ৰফেচাৰ ড০ সৌম্যা স্বামীনাথনক জন কল্যাণৰ ভিত্তিত ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ প্ৰধান উপদেষ্টা হিচাপে প্ৰফেচাৰ স্বামীনাথনে কাৰ্যসূচীৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সামগ্ৰিক ৰণনীতি সন্দৰ্ভত কাৰিকৰী পৰামৰ্শ আগবঢ়াব। তেওঁ লগতে নীতিগত নিৰ্দেশাৱলী আৰু আৱশ্যকীয় উপায় তথা গৱেষণা নীতি সন্দৰ্ভতো পৰামৰ্শ...

June 24, 2024 5:59 PM

views 58

জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া স্বাস্থ্য বীমা প্রদান কৰা হব বুলি প্ৰচাৰ হোৱা বাৰ্তা ভুৱা বুলি প্ৰকাশ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সামাজিক মাধ্যমত প্ৰচাৰিত মন্ত্ৰালয়ৰ দ্বাৰা জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া স্বাস্থ্য বীমা প্রদান কৰা হ'ব বুলি প্ৰচাৰ হোৱা এটা বাৰ্তা ভুৱা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে এনেকুৱা কোনো ধৰণৰ তথ্য মন্ত্ৰালয়ৰ দ্বাৰা প্ৰচাৰ কৰা হোৱা নাই ।