কেন্দ্ৰীয় চৰকাৰে জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনা ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে। জ্বৰ, চৰ্দি-কাহ, বিষ, এলার্জি আদিত বহুল ভাবে ব্যৱহৃত এই ঔষধৰ উৎপাদন তথা মজুতকৰণতো কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৬ চনত গঠন কৰা বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিষিদ্ধ কৰা ঔষধৰ তালিকাত আছে ছেট্রিজিন, এইচ চি এল পেৰাচিটামল, ফেনিলেফ্রি, প্রপোনোলামাইন আদি। বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুযায়ী ইয়াৰ পূৰ্বে ১৪ বিধ ফিক্সড ড’জ কম্বিনেচন ঔষধত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।
Assamese | August 26, 2024 11:29 AM | Health Ministry
জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনা ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা