কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে স্থলপথ, জলপথ আৰু আকাশীপথৰ দৰে ভ্ৰমণৰ বিভিন্ন মাধ্যমেৰে মানৱ অংগ পৰিবহণৰ মানসম্পন্ন পৰিচালন বিধি জাৰি কৰিছে। এই মানসম্পন্ন পৰিচালন বিধি সমগ্ৰ দেশত অংগ সংৰোপনৰ সৈতে জড়িতসকলৰ বাবে পথ প্রদর্শক নথি হ’ব। স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই কয় যে, ইয়াৰ ফলত অংগ সংৰোপনৰ গুণগত মান উন্নত হ’ব। তেওঁ কয় যে, অংগসমূহ সঠিক সময়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে সংৰোপনৰ অপেক্ষাত থকা অগণন ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যাব ।
Assamese | August 4, 2024 11:12 AM | Health Ministry
কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ স্থলপথ, জলপথ আৰু আকাশীপথ আদি বিভিন্ন মাধ্যমেৰে মানৱ অংগ পৰিবহণৰ মানসম্পন্ন পৰিচালন বিধি জাৰি