ভাৰতে প্ৰস্তাৱিত বিদেশী অৱদান (নিয়ন্ত্রণ) সংশোধনী বিধেয়ক সন্দৰ্ভত আমেৰিকাৰ এগৰাকী সাংসদে উত্থাপন কৰা আপত্তি নাকচ কৰি কয় যে ভাৰতৰ সংসদীয় বিষয় হৈছে এটা আভ্যন্তৰীণ বিষয়, য’ত দুখন সংসদে সিদ্ধান্ত গ্রহণ কৰে। এই সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰ দি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই কথা সদৰী কৰে। জয়ছৱালে আঙুলিয়াই দিয়ে যে আমেৰিকাকে ধৰি কেইবাখনো ৰাষ্ট্ৰ আছে যিয়ে বিদেশী ধনৰ প্রবাহ নিয়ন্ত্ৰণ কৰে। ভাৰতীয় জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত জয়ছৱালে কয় যে নতুন দিল্লীয়ে এই বিষয়টোক সদায় অগ্রাধিকাৰ দি আহিছে। তেওঁ কয়, সমগ্র উপসাগৰীয় অঞ্চলৰ ভাৰতীয় অভিযানসমূহে সেই দেশসমূহৰ জাহাজ মন্ত্রালয় আৰু সামুদ্রিক কর্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে। তেওঁ কয়, ২৪ঘন্টাই হেল্পলাইন সেৱা অবযাহত আছে যাতে যিকোনো ব্যক্তিয়ে সহায়ৰ প্ৰয়োজন হলে তেওঁলোকৰ কাষ চাপিব পাৰে। তেওঁ লগতে কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় জলপথৰ জৰিয়তে নিৰাপদ আৰু নির্বিঘ্নে যাতায়ত আৰু বাণিজ্য অব্যাহত ৰাখিছে। পাকিস্তান, তুৰস্ক আৰু চৌদি আৰৱৰ মাজত হোৱা প্ৰতিৰক্ষা চুক্তিৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে এই উন্নয়ন তীক্ষ্ণভাৱে অনুসৰণ কৰা হৈছে। ভাৰতে এই ঘটনাসমূহ নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি আহিছে। পাকিস্তান আৰু ছোমালিয়াৰ মাজত শেহতীয়াকৈ হোৱা প্ৰতিৰক্ষা চুক্তিৰ সন্দৰ্ভত জয়ছৱালে কয় যে ভাৰতে এই উন্নয়নসমূহ নিবিড়ভাৱে অনুসৰণ কৰি আছে।
Assamese | August 8, 2026 12:11 PM | Randheer Jaiswal Press Meet
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱাল সাংবাদিকৰে বাৰ্তালাপ