ৰাষ্ট্ৰীয়

October 26, 2026 8:47 PM

views 1

উচ্চ শিক্ষা বিভাগ আৰু বিদ্যালয় শিক্ষা তথা সাক্ষৰতা বিভাগৰ জ্যেষ্ঠ বিষয়া সকলৰ সৈতে কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীৰ বৈঠকত

কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে আজি উচ্চ শিক্ষা বিভাগ আৰু বিদ্যালয় শিক্ষা তথা সাক্ষৰতা বিভাগৰ জ্যেষ্ঠ বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীযোশীয়ে কয় যে দুয়োটা বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ কৌশলগত পৰিকল্...

October 26, 2026 8:06 PM

কেবিনেট সচিব ড০ টি ভি সোমানাথনৰ সভাপতিত্বত ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিৰ বৈঠকত বঙ্গোপ সাগৰত ঘূৰ্ণীবতাহৰ বাবে আগতীয়া প্ৰস্তুতিৰ পৰ্যালোচনা

কেবিনেট সচিব ড০ টি ভি সোমানাথনৰ সভাপতিত্বত আজি ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিৰ বৈঠকত বঙ্গোপ সাগৰত ঘূৰ্ণীবতাহৰ বাবে আগতীয়া প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত জনোৱা অনুসৰি পৰ্যাপ্ত আশ্রয় শিবিৰ আৰু ঠাই খালী কৰাৰ ব্যৱস্থা কৰা হৈছে, আৰু প্ৰয়োজনীয় এনডিআৰএফ আৰু এছডিআৰএফ দলসমূহক সাজু কৰি ৰখা হৈছে। ...

October 26, 2026 7:58 PM

আকাশবাণীয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰা চৰ্দাৰ বল্লভ ভাই পেটেল বক্তৃতামালাৰ ৬৭ সংখ্যক সংস্কৰণ কাইলৈ অনুষ্ঠিত হ’ব

আকাশবাণীয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰা চৰ্দাৰ বল্লভ ভাই পেটেল বক্তৃতামালাৰ ৬৭ সংখ্যক সংস্কৰণ কাইলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভাষণ দিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনোৱা অনুসৰি এই বক্তৃতাৰ বাণীবদ্ধ ৰূপ আকাশবাণীৰ সকলো নেটৱৰ্কযোগে চৰ্দাৰ পেটেল জয়ন্তী উপলক্ষ...

October 26, 2026 7:16 PM

ভাৰতে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত ঘৰুৱাভাৱে সামগ্ৰী নিৰ্মাণ কৰাই নহয়, খৰচ আৰু কাৰ্যকৰীকৰণৰ দিশ উন্নত হোৱাটো নিশ্চিত কৰিব লাগিবঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত দ্বিতীয় পৰ্যায়ৰ যাত্ৰাত কেৱল ঘৰুৱাভাৱে সামগ্ৰী নিৰ্মাণ কৰাই নহয়, খৰচ আৰু কাৰ্যকৰীকৰণৰ দিশৰ পৰাও উন্নত হোৱাটো নিশ্চিত কৰিব লাগিব। নতুন দিল্লীত স্বাৱলম্বন ২০২৬ ত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে থলুৱা সামৰ্থৰ বিকাশ আৰু প্ৰয...

October 26, 2026 3:11 PM

views 2

দৈনন্দিন কর্মক্ষেত্ৰত বৰ্তাই ৰখা স্বচ্ছতা, ন্যায়-নিষ্ঠা, দায়বদ্ধতা আৰু সততাই একোটা প্রতিষ্ঠানক শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ মনত ইয়াৰ প্ৰতি থকা আস্থাও সুদৃঢ় হয়ঃ গৌৰৱ ত্রিবেদী

প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ ত্রিবেদীয়ে কয়, যে দৈনন্দিন কর্মক্ষেত্ৰত বৰ্তাই ৰখা স্বচ্ছতা, ন্যায়- নিষ্ঠা, দায়বদ্ধতা আৰু সততাই একোটা প্রতিষ্ঠানক শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ মনত ইয়াৰ প্ৰতি থকা আস্থাও সুদৃঢ় হয়। তদাৰকী সজাগতা সপ্তাহৰ সৈতে সংগতি ৰাখি তেওঁ কয়, যে প্ৰচাৰ ভাৰতীৰ ক্ষেত্...

October 26, 2026 3:03 PM

views 1

আন্তঃৰাষ্ট্ৰীয় উত্তেজনা হ্ৰাস, গোলকীয় প্ৰত্যাহ্বানৰ ক্ষেত্ৰত শান্তিপূর্ণ সমাধানত সংসদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, যে পাৰস্পৰিক বুজাপৰা আৰু আস্থা শক্তিশালী কৰা, আন্তঃৰাষ্ট্ৰীয় উত্তেজনা হ্ৰাস কৰা আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত শান্তিপূর্ণ সমাধান বিচাৰি উলিওৱাত সংসদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। নতুন দিল্লীত সংসদৰ সংবিধান সদনত অনুষ্ঠিত দ্বাদশ ব্রীকছ সংসদীয় মঞ্চৰ উদ্ব...

October 26, 2026 2:59 PM

views 2

ব্রাজিলৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰায় নিৰ্বাচিত লুলা-দা-ছিলভাক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰায় নিৰ্বাচিত লুলা-দা-ছিলভাক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত পুনৰ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জনাই শ্ৰী মোদীয়ে কয়, যে ভাৰত আৰু ব্ৰাজিলৰ মাজৰ বহুমুখী কৌশলগত সম্পৰ্কক অধিক গভীৰ তথা সম্প্ৰসাৰিত কৰাৰ হকে ল...

October 26, 2026 2:55 PM

views 3

মহর্ষি বাল্মীকি জয়ন্তী উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহর্ষি বাল্মীকি জয়ন্তী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে মহর্ষি বাল্মীকিয়ে ৰচনা কৰা ৰামায়ণৰ দ্বাৰা প্ৰতিগৰাকী ব্যক্তিয়ে...

October 26, 2026 12:12 PM

views 4

সন্ত্ৰাসবাদক চৰকাৰী নীতিৰ আহিলা হিচাপে ব্যৱহাৰ কৰাটো কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

সন্ত্ৰাসবাদক চৰকাৰী নীতিৰ আহিলা হিচাপে ব্যৱহাৰ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ সপক্ষে কোনোধৰণৰ যুক্তি থাকিব নোৱাৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি চিন্ময় মিছনৰ ৭৫ সংখ্যক বার্ষিকী উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্...

October 26, 2026 11:21 AM

views 6

আজি নতুন দিল্লীত দ্বাদশ ব্রীকছ সংসদীয় সন্মিলন

দ্বাদশ ব্রীকছ সংসদীয় সন্মিলন আজি নতুন দিল্লীত আৰম্ভ হ'ব। এই দুদিনীয়া সন্মিলনৰ মূল বিষয়বস্তু হৈছে— জনসাধাৰণ কেন্দ্ৰিক উন্নয়নৰ বাবে সংসদৰ সৱলীকৰণ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব আৰু সন্মিলনত ভাগ লোৱা প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব। লোকসভাৰ অধ্যক্ষ তথা দ্বাদশ ব্ৰীকছ সংসদীয় সন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।