সবকা সাথ সবকা বিকাশৰ মন্ত্ৰই দৰিদ্ৰ লোকৰ মাজত নতুন আত্মবিশ্বাস যোগাই তোলাৰ ফলত দেশত দৰিদ্ৰতা দূৰ কৰিবলৈ সক্ষম হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

সবকা সাথ সবকা বিকাশৰ মন্ত্ৰই দৰিদ্ৰ লোকৰ মাজত নতুন আত্মবিশ্বাস যোগাই তোলাৰ ফলত কোটি কোটি লোকে দৰিদ্ৰতা দূৰ কৰিবলৈ সক্ষম হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ভগবান বীৰছা মুণ্ডাৰ ১৫১ সংখ্যক জয়ন্তী উপলক্ষে দেশজোৰা আয়োজনৰ অংশৰূপে মহাৰাষ্ট্ৰৰ গাড়চিৰোলীত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীত ভিডিঅ কনফাৰেন্সিংযোগে অংশগ্রহণ কৰি শ্রীমোদীয়ে এইদৰে কয়।

প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে মৌলিক সুবিধাৰ অভাৱ থকা পিছপৰা জনজাতীয় অঞ্চলসমূহৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে প্রধানমন্ত্রী জন মন যোজনা আৰু ধৰতী আবা জনজাতীয় উৎকর্ষ অভিযানৰ অভিযানৰ বাবে ১ লাখ কোটিৰো অধিক টকাৰ আবণ্টন দিয়া হৈছে। শ্রীমোদীয়ে কয় যে ২০২১ চনৰ ১৫ নৱেম্বৰত প্ৰথম বাৰৰ বাবে পালন কৰা জনজাতীয় গৌৰৱ দিৱস এতিয়া ৰাষ্ট্ৰীয় উদযাপনত পৰিণত হৈছে।

এটা সময়ত বহু ৰাষ্ট্ৰীয় অনুষ্ঠান আৰু উৎসবক বিদেশীৰ দৃষ্টিভঙ্গীৰে চোৱা বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে আজিৰ ভাৰতে নিজৰ ঐতিহ্য, ইতিহাস আৰু বীৰসকলক গৌৰৱ আৰু আত্মসন্মানেৰে স্মৰণ কৰি আছে। দেশৰ জাতীয় চেতনাৰ এয়া এক উল্লেখযোগ্য পৰিবৰ্তন বুলিও তেওঁ মন্তব্য কৰে।

দেশৰ দুটা ডাঙৰ কৃতিত্বৰ বিষয়ে ব্যাপক চর্চা চলাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্রায় ৫০ কোটি লোকে চৰম দৰিদ্ৰতা অতিক্ৰম কৰাৰ লগতে দেশে নক্সালবাদ আৰু মাওবাদী হিংসা দূৰ কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছে।

দীর্ঘদিন ধৰি পিছ পৰা থকা অঞ্চলসমূহক চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে জনজাতীয় লোক থকা অঞ্চলকে ধৰি ১০০খনতকৈ অধিক অভিলাষী জিলা আৰু ৫০০টা অভিলাষী উন্নয়ন খণ্ডত বিশেষ অভিযান আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী কৃষি ধন ধান্য যোজনাৰ অধীনত কৃষি খণ্ডত পিছ পৰি থকা ১০০খন জিলাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

বিগত ১২-১৩ বছৰত প্ৰায় ৫০ কোটি ভাৰতীয়ই চৰম দৰিদ্ৰতা অতিক্ৰম কৰা বুলি শেহতীয়াকৈ বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক স্বাধীনতাৰ পাছত দেশৰ অন্যতম বৃহৎ কৃতিত্ব বুলি অভিহিত কৰে।

তেওঁ কয় যে এই অগ্রগতি কোনো এখন চৰকাৰৰ নহয়, বৰঞ্চ সমাজৰ সামূহিক প্রচেষ্টা, নাগৰিকৰ কঠোৰ পৰিশ্ৰম আৰু জনজাতীয় কল্যাণৰ বাবে আঁচনি তথা ব্যৱস্থাকে ধৰি চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবেহে সম্ভৱ হৈছে।

এই অনুষ্ঠানত প্রধানমন্ত্রীয়ে কিছু সংখ্যক নির্বাচিত জনজাতীয় হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে প্রধানমন্ত্রীয়ে প্রায় ৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ ২৪৬টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সমগ্ৰ দেশৰ জনজাতীয় সম্প্ৰদায়ৰ শিক্ষা, স্বাস্থ্য সেৱা আৰু জীৱন নিৰ্বাহৰ মান উন্নয়নেই এই প্রকল্পসমূহৰ লক্ষ্য।

কেন্দ্রীয় জনজাতীয় পৰিক্ৰমা মন্ত্রী জুৱেল ওৰাম আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবিছেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।