সুলভ স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ দিশত দেশে উল্লেখনীয় অগ্রগতি লাভ কৰিছে। বিগত এটা দশকত চৰকাৰী স্বাস্থ্য ব্যয় তিনি গুণতকৈ অধিক বৃদ্ধি পোৱাৰ বিপৰীতে পৰিয়ালসমূহৰ নিজাববীয়া ব্যয় হ্রাস পাইছে।
চৰকাৰী স্বাস্থ্য ব্যয় ২০১৩-১৪ বৰ্ষৰ প্ৰায় ১ লাখ ৩০ হাজাৰ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০২৩-২৪ বর্ষত ৪ লাখ ১৪ হাজাৰ কোটি টকাতকৈও অধিক হৈছে। এই দশকটোত মুঠ স্বাস্থ্য ব্যয়ত চৰকাৰৰ ১৪.৯ শতাংশ পইন্ট বৃদ্ধি পাইছে-যি প্রায় ৫২ শতাংশ বৃদ্ধিক সূচায়।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে আজি প্ৰকাশ কৰা ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় স্বাস্থ্য হিচাপৰ আনুমানিক তথ্যত এই কথা উল্লেখ কৰা হৈছে। আনহাতে, এই সময়ছোৱাত মুঠ স্বাস্থ্য ব্যয়ত পৰিয়ালসমূহৰ নিজাববীয়া ব্যয়ৰ অংশ ৬৪.২ শতাংশৰ পৰা হ্রাস পাই ৪২.৭ শতাংশ হৈছেগৈ।
শেহতীয়া বছৰটোতো এই ধাৰা অব্যাহত আছে আৰু ২০২২-২৩ বৰ্ষৰ ৪৩.৪ শতাংশৰ পৰা ২০২৩-২৪ বর্ষত নিজাববীয়া ব্যয় ৪২.৭ শতাংশলৈ হ্রাস পাইছে। স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি জনমূৰি স্বাস্থ্য ব্যয়ো প্রায় তিনিগুণ বৃদ্ধি পাই ১০৪২ টকাৰ পৰা ২,৯৫৯ টকা হৈছেগৈ।
একেদৰে, প্ৰাথমিক স্বাস্থ্য সেৱাত ৰাজহুৱা বিনিয়োগ ১ লাখ ৫৩ হাজাৰ কোটি টকা হৈছেগৈ। স্বাস্থ্য মন্ত্রালয় কয় যে আয়ুষ্মান ভাবত, আয়ুষ্মান আৰোগ্য মন্দিৰ, জন ঔষধী কেন্দ্ৰ আৰু বিনামূলীয়া ঔষধ তথা ৰোগ নির্ণয় সেৱাকে ধৰি চৰকাৰৰ ধবজাবাহী আঁচনিসমূহে দেশৰ সাৰ্বজনীন স্বাস্থ্য সেৱাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।