November 15, 2026 8:05 PM
2
সুলভ স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ দিশত দেশে উল্লেখনীয় অগ্রগতি লাভ কৰিছে
সুলভ স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ দিশত দেশে উল্লেখনীয় অগ্রগতি লাভ কৰিছে। বিগত এটা দশকত চৰকাৰী স্বাস্থ্য ব্যয় তিনি গুণতকৈ অধিক বৃদ্ধি পোৱাৰ বিপৰীতে পৰিয়ালসমূহৰ নিজাববীয়া ব্যয় হ্রাস পাইছে। চৰকাৰী স্বাস্থ্য ব্যয় ২০১৩-১৪ বৰ্ষৰ প্ৰায় ১ লাখ ৩০ হাজাৰ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০২৩-২৪ বর্ষত ৪ লাখ ১৪ হাজাৰ কোটি টকাতকৈও অধিক হৈছে। এই দশকটোত মুঠ স্বাস্থ্য ব্যয়ত চৰকাৰৰ ১৪.৯ শতাংশ পইন্ট বৃদ্ধি পাইছে-যি প্রায় ৫২ শতাংশ বৃদ্ধিক সূচায়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে আজি প্ৰকাশ কৰা ২০২৩-২৪ বৰ্ষৰ ৰ...