সমগ্র দেশত আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰব দিৱস হিচাপে পালন কৰা হৈছে। কেন্দ্রীয় চৰকাৰে জনজাতীয় ইতিহাসক সজীৱ কৰি ৰখাৰ গুৰুত্ব উপলব্ধিৰ অর্থে ২০২১ চনৰ পৰা ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো জয়ন্তী উপলক্ষে বীৰছা মুণ্ডালৈ শ্রদ্ধা নিবেদন কৰিছে। তেওঁ সামাজিক মাধ্যমযোগে এটা বার্তাত কয়, যে ভগৱান বীৰছা মুণ্ডাৰ অদম্য সাহস, দূৰদৰ্শী নেতৃত্ব আৰু আপোচ বিহীন সংগ্রামে জনজাতীয় সমাজৰ মাজত আত্মসন্মান, অধিকাৰ আৰু স্বাধীনতাৰ নতুন চেতনা জাগ্রত কৰিছিল।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বীৰছা মুণ্ডাৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ শিল্পগ্রামত আজি জনজাতীয় গৌৰৱ দিবস উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ গড়চিৰ’লিত আয়োজিত অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে দিয়া ভাষণৰ সম্প্ৰচাৰ কৰা হয়।
এই অনুষ্ঠানতে সমাজ জীবনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে কিৰাট ব্রহ্ম, পৱিত্ৰ ৰাভা, হেনপৌ গামলৌ, মংগল সিং ক্র’ আৰু ড০ গোমথাও বসুমতাৰীক ২০২৬ বৰ্ষৰ জনজাতীয় গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়।
ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্রী ডা০ ৰণোজ পেগুৱে এই বঁটাসমূহ প্ৰদান কৰে। মন্ত্রী ডা০ পেণ্ডৱে তেওঁৰ ভাষণত কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জনজাতীয় সমাজৰ শিক্ষা, স্বাস্থ্য, জীবিকা আৰু সর্বাংগীণ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে জনজাতীয় সমাজৰ উন্নয়নৰ যাত্ৰাক নতুন গতি দিছে।