November 15, 2026 6:44 PM

views 4

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনজাতীয় গৌৰৱ দিৱস উদযাপন; ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ জনজাতীয় গৌৰৱ বঁটা প্ৰদান

সমগ্র দেশত আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰব দিৱস হিচাপে পালন কৰা হৈছে। কেন্দ্রীয় চৰকাৰে জনজাতীয় ইতিহাসক সজীৱ কৰি ৰখাৰ গুৰুত্ব উপলব্ধিৰ অর্থে ২০২১ চনৰ পৰা ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো জয়ন্তী উপলক্ষে বীৰছা মুণ্ডালৈ শ্রদ্ধা নিবেদন কৰিছে। তেওঁ সামাজিক মাধ্যমযোগে এটা বার্তাত কয়, যে ভগৱান বীৰছা মুণ্ডাৰ অদম্য সাহস, দূৰদৰ্শী নেতৃত্ব আৰু আপোচ বিহীন সংগ্রামে জনজাতীয় সমাজৰ মাজত আত্মসন্...