প্রধানমন্ত্রীৰ কাইলৈ আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্রহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্রহণ কৰিব। এই সমাৰোহত ৫৮৭ গৰাকী শিক্ষার্থীক পি এইছ ডি ডিগ্রী প্রদান কৰাকে ধৰি ৩ হাজাৰৰো অধিক শিক্ষার্থীক ডিগ্রী প্রদান কৰা হ’ব। শ্রীমোদীয়ে শিক্ষা প্রতিষ্ঠানখনৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক, সঞ্চালকৰ স্বর্ণপদক, শংকৰ দয়াল শৰ্মা স্বর্ণপদক আৰু পাৰফেক্ট টেন স্বর্ণপদককে ধৰি বিভিন্ন সন্মান মেধাবী শিক্ষার্থীসকলক প্রদান কৰিব। এই অনুষ্ঠানতে প্রধানমন্ত্রীয়ে আই আই টি দিল্লীৰ ছনিপট চৌহদত স্থাপন কৰা কৃত্রিম বুদ্ধিমত্তা ক্ষমতাসম্পন্ন ছুপাৰ কম্পিউটিং ব্যৱস্থা পৰম প্রাজ্ঞ উদ্বোধন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।