কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ ৩০০ প্রতিযোগিতাত মহিলাৰ ছিংগছৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

অসমৰ অস্মিতা চলিহা দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ থ্রি হান্ড্রেদ প্রতিযোগিতাত মহিলাৰ ছিংগছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰক্ষিতা ৰামৰাজক ২১১৩, ১৬-২১, ২১-১৩ গেমত পৰাস্ত কৰে।

অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউ হানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। হানে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ জি কীমক ২২-২০, ১৮-২১, ২১-১৪ গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।