August 8, 2026 7:45 PM

views 20

কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ ৩০০ প্রতিযোগিতাত মহিলাৰ ছিংগছৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

অসমৰ অস্মিতা চলিহা দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ থ্রি হান্ড্রেদ প্রতিযোগিতাত মহিলাৰ ছিংগছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰক্ষিতা ৰামৰাজক ২১১৩, ১৬-২১, ২১-১৩ গেমত পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউ হানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হানে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ জি কীমক ২২-২০, ১৮-২১, ২১-১৪ গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

August 7, 2026 10:32 AM

views 24

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগছৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা চলিহা জাপানৰ হিনা অকেচিৰ সন্মুখীন

অসমৰ অস্মিতা চলিহা আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত শীর্ষ বাছনিপ্রাপ্ত জাপানৰ হীনা অকেছিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। অস্মিতাই দক্ষিণ কোৰিয়াৰ কিম মিন জিক ২১১৭, ২১-৬ গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰে। কিম মিন জিয়ে অসমৰে আন এগৰাকী খেলুৱৈ ঈশাৰাণী বৰুৱাক এখন সংঘৰ্ষপূৰ্ণ খেলত ১৭-২১, ২১-১৮, ২১-১৯ গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে।