মিজোৰামৰ মুখ্যমন্ত্ৰী লাল ডুহোমাই নতুন দিল্লীত গুগল ফৰ এডুকেচন, ব্রিকছ এণ্ট্ৰেপ্ৰেনিউৰ এলায়েন্স ইণ্ডিয়া আৰু ইণ্ডিয়া টুডে গ্ৰুপৰ প্ৰতিনিধিৰ সৈতে কৃত্রিম বুদ্ধিমত্তা, বিনিয়োগৰ সুযোগ আৰু পৰ্যটনৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি এলানি ধাৰাবাহিক বৈঠক অনুষ্ঠিত কৰে। এটা আনুষ্ঠানিক বিবৃতি অনুসৰি মুখ্যমন্ত্ৰীয়ে গুগল জেমিনি কৃত্রিম বুদ্ধিমত্তা আৰু মিজোৰামৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ সহযোগিতা অন্বেষণ কৰে। গুগলৰ প্রতিনিধি দলটোৱে মিজোৰামৰ বিদ্যালয় শিক্ষকসকলৰ ডিজিটীয় দক্ষতা শক্তিশালী কৰাৰ লগতে শিক্ষাক্ষেত্রত কৃত্রিম বুদ্ধিমত্তাক ফলপ্রসূভাৱে গ্ৰহণ কৰাত সহায় কৰিবলৈ বিনামূলীয়া প্রশিক্ষণ প্ৰদানৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ পিছত মুখ্যমন্ত্রী লালডুহোমাই ব্রিকছ এণ্ট্ৰেপ্ৰেনিউৰ এলায়েন্স ইণ্ডিয়াৰ আন্তৰাষ্ট্ৰীয় সভাপতি ৬০ ভাস্কৰ জ্যোতি সোণোৱালক সাক্ষাৎ কৰি কৃত্রিম বুদ্ধিমত্তা, কার্বন ক্রেডিট, প্রযুক্তি, পৰ্যটন, নিৰাপত্তা আৰু যুৱ উন্নয়নকে ধৰি বিভিন্ন খণ্ডত সম্ভাব্য সহযোগিতাৰ বিষয়ে আলোচনা কৰে। ৰাজ্যসভাৰ সাংসদ কে লালটলুয়াংকিমা, জোহাণ্ডকোৰ অধ্যক্ষ জে.কে. ডৱংজুৱালা আৰু চৰকাৰী উপদেষ্টা ৰেণু শৰ্মা বৈঠকত উপস্থিত থাকে।
Assamese | August 8, 2026 12:08 PM | Mizoram CM in New Delhi
নতুন দিল্লীত মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাৰ বৈঠক