August 8, 2026 12:08 PM

views 31

নতুন দিল্লীত মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাৰ বৈঠক

মিজোৰামৰ মুখ্যমন্ত্ৰী লাল ডুহোমাই নতুন দিল্লীত গুগল ফৰ এডুকেচন, ব্রিকছ এণ্ট্ৰেপ্ৰেনিউৰ এলায়েন্স ইণ্ডিয়া আৰু ইণ্ডিয়া টুডে গ্ৰুপৰ প্ৰতিনিধিৰ সৈতে কৃত্রিম বুদ্ধিমত্তা, বিনিয়োগৰ সুযোগ আৰু পৰ্যটনৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি এলানি ধাৰাবাহিক বৈঠক অনুষ্ঠিত কৰে। এটা আনুষ্ঠানিক বিবৃতি অনুসৰি মুখ্যমন্ত্ৰীয়ে গুগল জেমিনি কৃত্রিম বুদ্ধিমত্তা আৰু মিজোৰামৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ সহযোগিতা অন্বেষণ কৰে। গুগলৰ প্রতিনিধি দলটোৱে মিজোৰামৰ বিদ্যালয় শিক্ষকসকলৰ ডিজিটীয় দক্ষতা শক্তিশালী কৰাৰ লগতে শিক্ষাক্ষেত্রত কৃত্...